টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে শুকুৰবাৰে কয় যে তেওঁ ৪৪ বিলিয়ন আমেৰিকান ডলাৰৰ টুইটাৰ চুক্তি বাতিল কৰিছে কিয়নো মাইক্ৰ’ব্লগিং ছাইটটোৱে ইয়াৰ প্লেটফৰ্মত স্পাম একাউণ্টৰ বিষয়ে তথ্য প্ৰদান কৰাত ব্যৰ্থ হৈছে। অৱশ্যে, টুইটাৰৰ পৰিষদৰ অধ্যক্ষ ব্ৰেট টেইলৰে কৈছিল যে কোম্পানীটোৱে চুক্তিটো বলবৎ কৰিবলৈ টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব।
স্কাডেন আৰ্পছৰ এটৰ্ণী মাইক ৰিংলাৰে মাস্কৰ হৈ টুইটাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰখনত, তেওঁ দাবী কৰিছিল যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মটোৱে একত্ৰীকৰণ চুক্তি পালন কৰাত ব্যৰ্থ হৈছে। ইফালে, টেইলৰে কয় যে কোম্পানীটো এতিয়াও চুক্তিটো সমাপ্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
টেইলৰে এক টুইটযোগে কয়, “টুইটাৰ বোৰ্ডে শ্ৰীযুত মাস্কৰ সৈতে সন্মত হোৱা মূল্য আৰু চৰ্তাৱলীৰ ওপৰত লেনদেনটো বন্ধ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু একত্ৰীকৰণ চুক্তি বলবৎ কৰাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে।” তেওঁ লগতে কয়, “আমি নিশ্চিত যে আমি ডেলাৱেৰ কোৰ্ট অৱ চাঞ্চেৰীত জয়ী হ’ম।”
The Twitter Board is committed to closing the transaction on the price and terms agreed upon with Mr. Musk and plans to pursue legal action to enforce the merger agreement. We are confident we will prevail in the Delaware Court of Chancery.
— Bret Taylor (@btaylor) July 8, 2022
আনহাতে মাস্কৰ উকীলে কৈছিল যে কোম্পানীৰ ব্যৱসায়িক প্ৰদৰ্শনৰ বাবে টুইটাৰত ভুৱা বা স্পাম একাউণ্ট সম্পৰ্কীয় তথ্য প্ৰয়োজনীয়। শেহতীয়াকৈ মাস্কে এই চুক্তি সম্পন্ন কৰাৰ বাবে ভাবুকি দিছিল যে টুইটাৰে এই কথা প্ৰমাণ কৰিব লাগিব যে স্পাম একাউণ্টবোৰ ইয়াৰ ব্যৱহাৰকাৰীৰ পাঁচ শতাংশতকৈ কম। মাইক্ৰ’ব্লগিং ছাইটটোৱে কৈছিল যে ই প্ৰতিদিনে এক মিলিয়ন স্পাম বা বট একাউণ্ট আঁতৰ কৰে। উক্ত চুক্তিখন ২৫ এপ্ৰিলত টুইটাৰৰ দ্বাৰা ৪৪ বিলিয়ন আমেৰিকান ডলাৰত স্বাক্ষৰিত হৈছিল।
লক্ষণীয়ভাৱে, শুক্ৰবাৰে সম্প্ৰসাৰিত ব্যৱসায়ত টুইটাৰৰ শ্বেয়াৰ প্ৰায় ছয় শতাংশ হ্ৰাস পাইছে। বজাৰৰ সমাপ্তিত, টুইটাৰৰ শ্বেয়াৰ ৩৬.৮১ আমেৰিকান ডলাৰলৈ হ্ৰাস পাইছে।