ভাৰতীয় চলচিত্ৰ জগতৰ বাবে এক সুখবৰ ৷ পুৰণি ভাৰতীয় ছবিৰ প্ৰথমে মুকলি কৰা পোষ্টাৰ সমূহৰ নিলামৰ কথা ঘোষণা কৰিছে অনলাইন নিলাম প্ৰতিষ্ঠান ‘ডিৰিৱাজ এণ্ড ইভছে’ ৷ অহা ৮আৰু ৯ এপ্ৰিলত প্ৰতিষ্ঠানটোৰ ৱেবচাইট ‘www.derivaz-ives.com’ত এনে প’ষ্টাৰৰ ৰাজহুৱা নিলাম প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷
তেওঁলোকৰ মতে ‘মাদাৰ ইণ্ডিয়া’,’মোগল-ঈ-আজম’,’জংগলী’,’খামোচী’,’আৱাৰা’কে ধেই বহু কেইখন পুৰণি ভাৰতীয় ছবিৰ মুক্তিৰ সময়ত মুকলি কৰা আপুৰুগীয়া পোষ্টাৰ সমূহ এই সময় ছোৱাত বিক্ৰীৰ বাবে ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া হ’ব ৷