আপুনি যদি সঘনাই বিমানত ভ্ৰমণ কৰে অথবা বিমানেৰে ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেনেহ’লে আপোনাৰ বাবে আছে এটা দুখবৰ ৷ অতি শীঘ্ৰে পুনৰ বৃদ্ধি পাব বিমানৰ ভাড়া ৷ ১৫ শতাংশ পর্যন্ত বৃদ্ধি হ’ব বিমান ভাড়া ৷ এই বৃদ্ধিৰ মুল কাৰণ হৈছে বিমানৰ ইন্ধনৰ দাম বৃদ্ধি ৷ বৃহস্পতিবাৰে তেল বিপণন কোম্পানীসমূহে এভিয়েশ্যন টাৰ্বাইন ইন্ধনৰ মূল্য পুনৰ ১৬.৩% বৃদ্ধি কৰে ৷ ইয়াৰ লগে লগে দিল্লীত জেট ইন্ধনৰ মূল্য অভিলেখসংখ্যক প্ৰতি কিলোলিটাৰত ১.৪১ লাখ টকালৈ বৃদ্ধি পায় ৷ এভিয়েশ্যন টাৰ্বাইন ইন্ধনৰ মূল্যৰ অভিলেখ বৃদ্ধিৰ লগতে টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত বিমান সংস্থাসমূহৰ পৰিচালনাৰ ব্যয় বৃদ্ধি পাব ৷ যাৰ ফলত বিমান ভাড়া ১৫% পৰ্যন্ত বৃদ্ধি হ’ব পাৰে।
লীজ ভাড়া, বিদেশী বিমানবন্দৰ পৰিচালক আৰু প্ৰবাসী পাইলটক দিয়া ধনৰ ডলাৰ মূল্যৰ হোৱাৰ বাবে বিমান সংস্থাসমূহে ঘৰুৱা মুদ্ৰাৰ মূল্য হ্ৰাসৰ পৰিণতিৰ ভোগ কৰিবলগীয়া হৈছে ৷ বিমান উদ্যোগে এভিয়েশ্যন টাৰ্বাইন ইন্ধনৰওপৰত আবকাৰী শুল্ক কৰ্তনৰ জৰিয়তে বা জেট ইন্ধনক জি এছ টিৰ অধীনত আনি উচ্চ ইন্ধনৰ মূল্যৰ পৰা ৰেহাই দিবলৈ দাবী উত্থাপন কৰি আিছে ৷
এভিয়েশ্যন টাৰ্বাইন ইন্ধন জি এছ টিৰ অধীনত অনাৰ সম্ভাৱনা কম হোৱাৰ পৰিপ্ৰেক্ষিতত জেট ইন্ধনৰ ওপৰত আবকাৰী শুল্ক ২ শতাংশ পইণ্ট কমাই ৯ শতাংশলৈ হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছিল। বিত্ত মন্ত্ৰালয়ে অৱশ্যে এভিয়েশ্যন টাৰ্বাইন ইন্ধনৰ ওপৰত কোনো ধৰণৰ কৰ কৰ্তন কৰা নাছিল।