চলিত বৰ্ষৰ অক্টোবৰ মাহত ভাৰতৰ ইকুইটি বজাৰৰ পৰা বিদেশী বিনিয়োগকাৰীয়ে উলিয়াই নিলে প্ৰায় ৬হেজাৰ কোটি টকা ৷ভাৰতীয় টকাৰ বিপৰীতে ডলাৰৰ মূল্য বৃদ্ধি হোৱাৰ ফলত বিদেশী বিনিয়োগকাৰীয়ে চলিত অক্টোবৰ মাহত ভাৰতৰ ইকুইটি বজাৰৰ পৰা উলিয়াই নিলে প্ৰায় ৬হেজাৰ কোটি টকা ৷ ইয়াৰ ফলত ২০২২বৰ্ষত বিদেশী প’ৰ্টফ’লিঅ’ বিনিয়োগকাৰীয়ে ভাৰতৰ বজাৰৰ পৰা উলিয়াই নিয়া ধনৰাশিৰ পৰিমাণ ১.৭৫লাখ কোটি টকালৈ বৃদ্ধি পালে ৷
ক’টাক ছিকিউৰিটিজৰ ইকুইটি ৰিছাৰ্চ (ৰিটেইল)শ্ৰীকান্ত চৌহানে জানিবলৈ দিয়া মতে বিশ্বত যুদ্ধৰ আশংকা ,বৰ্ধিত মুদ্ৰাস্ফিতী আৰু মাৰ্কিন ট্ৰেজাৰীৰ সিদ্ধান্তক লৈ অনাগত সময়ছোৱাতো এই উত্থান পতন অব্যাহত থাকিব ৷ আনহাতে জিঅ’জিট ফাইনেন্সিয়েল ছাৰ্ভিছেজৰ মুখ্য বিনিয়োগ পৰিকল্পনাকাৰী ভি. কে. বিজয়কুমাৰে জনোৱা মতে ডলাৰৰ মূল্য কিছু পৰিমাণে হ্ৰাস পালে পুনৰ ভাৰতত বিনিয়োগৰ প্ৰতি আগ্ৰহী হৈ পৰিব বিদেশী প’ৰ্টফ’লিঅ’ বিনিয়োগকাৰী সকল ৷