ক্ৰমাগত মূল্যবৃদ্ধিৰ ধাৰা অক্ষুন্ন ৰাখি বৃহস্পতিবাৰে পুনৰ পেট্ৰ’লৰ মূল্য ৩৫ পইচা বৃদ্ধি কৰা হ’ল। ৪ মেৰ পৰা পেট্ৰ’লৰ ৪০ বাৰ আৰু ডিজেলৰ মূল্য ৩৭ বাৰ বাঢ়ে। ইয়াৰে এবাৰ মাত্ৰ ডিজেলৰ মূল্য হ্ৰাস কৰা হৈছিল।
এই বৃদ্ধিৰ লগে লগে দেশৰ ৰাজধানীকে ধৰি কেবাখনো মহানগৰত পেট্ৰ’লৰ মূল্যই শতক অতিক্ৰম কৰে। ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০১.৫৪ টকা, চেন্নাইত ১০২.২৩ টকা, কলকতাত ১০১.৫৪ টকা আৰু বাংগালুৰুত ১০৪.৪ টকা হৈছেগৈ।
চৰকাৰী খণ্ডৰ কোম্পানীয়ে বৃদ্ধি কৰা দামৰ ফলত অসমত আজিৰ তাৰিখত প্ৰিমিয়াম নহয় সাধাৰণ পেট্ৰ’লৰ মূল্য ১০০ৰো অধিক। বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ৰিলায়েন্স পাম্পত প্ৰতিলিটাৰ সাধাৰণ পেট্ৰ’লৰ দাম ১০০.৩৩ টকা হোৱাৰ বিপৰীতে ভাৰত পেট্ৰ’লিয়ামৰ পাম্পত ১০০.০৬ টকাত বিক্ৰী হয়। ধেমাজিত ভাৰত পেট্ৰ’লিয়ামৰ পাম্পত প্ৰতি লিটাৰ প্ৰিমিয়াম পেট্ৰ’লৰ দাম ১০৩ টকা হৈছেগৈ। পেট্ৰ’লৰ সমান্তৰালভাৱে বৰ্ধিত ডিজেলৰ দামে ঢকুৱাখনাতো লিটাৰত ৯১.৭৭ টকা চুইছে।
আনহাতে গুৱাহাটীত পেট্ৰ’লৰ দামে ৯৭.৪৭ টকা স্পৰ্শ কৰিছে। লক্ষণীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ পাছতো ৰাজহ বৃদ্ধিৰ লক্ষ্যত চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে।
আমাৰ অসম কাকতত প্ৰকাশিত তথ্য অনুসৰি ১০০ টকা পেট্ৰ’লৰ বিপৰীতে গ্ৰাহকে চৰকাৰক ৬৪.২৫ টকা কৰ পৰিশোধ কৰিব লগা হৈছে। বজাৰত ১০০ টকা মূল্যৰ পৰিশোধিত খাৰুৱা তেলৰ প্ৰকৃত দাম মাত্ৰ ৩২.৯৭ টকা। ইয়াৰ লগত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কৰ ২১.৫৮ টকা যোগ হৈছে। লগতে ৰাজ্য চৰকাৰৰ ভেট-উপকৰণকে ধৰি যোগ হৈছে অতিৰিক্ত ৪১.৬৭ টকা।