ইন্ধনৰ পাইকাৰী বিক্ৰেতা সকলে জাৰী কৰা শেহতীয়া মূল্য অধিসূচনাই দেখুৱাইছে যে এমাহৰো অধিক সময় ধৰি অপৰিৱৰ্তিত হৈ আছে ইন্ধনৰ মূল্য ।
মুম্বাইত আজি পৰ্যন্ত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৬.৩১ টকা আৰু ডিজেলৰ মূল্য ৯৪.২৭ টকা।আনহাতে দেশৰ ৰাজধানী চহৰ দিল্লীত পেট্ৰ’লৰ মূল্য ৯৬.৭২ টকা আৰু ডিজেলৰ মূল্য ৮৯.৬২ টকা প্ৰতি লিটাৰ। চেন্নাইত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমান্বয়ে ১০২.৬৩ টকা আৰু ৯৪.২৪ টকা আৰু ক’লকাতাত ইয়াৰ মূল্য ক্ৰমান্বয়ে ১০৬.০৩ টকা আৰু ৯২.৭৬ টকা।
খবৰ অনুসৰি তেল বিপণন কোম্পানীবোৰে পেট্ৰ’লত প্ৰতি লিটাৰত ১৩.০৮ টকা আৰু ডিজেলত ২৪.০৯ টকাৰ লোকচান বহন কৰিছে। ভাৰতে আমদানিৰ জৰিয়তে ইয়াৰ ইন্ধনৰ প্ৰয়োজনীয়তাৰ ৮০ শতাংশ পূৰণ কৰে।কিন্তু আজি অপৰিশোধিত খাৰুৱা তেলৰ মূল্য কিছু হ্ৰাস পোৱাৰ ফলত লোকচান কিছু বৃদ্ধি হৈছে ৷ আনহাতে বিনিয়োগকাৰী সকলো কেইবাখনো দেশৰ দুৰ্বল উৎপাদনৰ বাবে বিশ্বব্যাপী তেলৰ চাহিদাৰ বিষয়ে চিন্তিত হৈ পৰিছে।
উল্লেখ্য যে ১৫ জুলাইৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অপৰিশোধিত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯২.৪২ ডলাৰলৈ হ্ৰাস পাইছে ।
সোমবাৰে অপৰিশোধিত খাৰুৱা তেলৰ মূল্য হ্ৰাস হৈ প্ৰতি বেৰেলত নিম্নতম ৯৯.০৯ ডলাৰৰলৈ হ্ৰাস হোৱাৰ পিছত এতিয়াও অস্থিৰ হৈ আছে ইয়াৰ মূল্য ৷ কিয়নো বিনিয়োগকাৰীসকলে সম্ভাৱ্য মন্দাৱস্থাৰ আশংকাৰ সৈতে বিশ্বব্যাপী যোগান কঠোৰ কৰি তুলিছে।