এটা বিশাল আকাৰৰ সাগৰীয় শংকৰ মাছ উঠিল মৎসজীৱীৰ জালত।সমুদ্ৰত মাছমৰীয়াৰ জালত পৰা এই বিৰল প্ৰজাতিৰ মাছটোৰ লগতে আৰু এক বিৰল প্ৰজাতিৰ বাঘা শংকৰ মাছো মাছমৰীয়াৰ জালত পৰে।
মাজ সমুদ্ৰৰ জালত পৰা এই বিশালকায় শংকৰ মাছটো বিক্ৰী কৰিলে প্ৰায় ৪০ হাজাৰ টকাত।লগতে বাঘা প্ৰজাতিৰ মাছটোও প্ৰায় ২৫ হাজাৰ টকাত বিক্ৰী কৰিলে মাছমৰীয়া জনে।
জানিব পৰা মতে দেওবাৰে পুৱা পশ্চিম বংগৰ দিঘাৰ মোহনাত মৎস ব্যৱসায়ী ৰোহিনী নন্দন খাড়া নামৰ এই মৎস ব্যৱসায়ী জনৰ জালত পৰিছিল এই দুটা বিৰল শংকৰ মাছ। আৰু এই সাগৰীয় শংকৰ মাছটোৰ ওজন আছিল ৮ কুইন্টল।
ইফালে এই বিৰল প্ৰজাতিৰ মাছ দুটা জালত পৰাৰ পিছত উৎফুল্লিত হৈ পৰা দিঘাৰ মাছ ব্যৱসায়ী সকলে জনায় যে এই বিৰল শংকৰ মাছ স্থানীয় বজাৰত বিক্ৰী নহ’য়।সাধাৰণতে এই ধৰণৰ মাছ ৰপ্তানি কৰাহে হ‘য়।
উল্লেখ যোগ্য যে দুয়োটা মাছ দেওবাৰে পুৱা দিঘাৰ মৎস নিলাম কেন্দ্ৰত বিক্ৰী কৰা হ’য়।আৰু মাছ দুটা দেখি পৰ্যটক সকলো উৎসাহিত হৈ পৰা দেখা গৈছিল।