শেহতীয়াকৈ ৱৰ্ল্ড গ’ল্ড কাউন্সিলে সোণৰ চাহিদা সন্দৰ্ভত এক সমীক্ষা কৰি উলিয়াইছে ৷এই সমীক্ষা অনুসৰি সোণৰ বাৰ্ষিক চাহিদা সন্দৰ্ভত শেহতীয়াকৈ বিভিন্ন তথ্য আগবঢ়াইছে ৷
এই তথ্য অনুসৰি ২০২০ বৰ্ষত ক’ভিড-১৯ৰ বাবে সোণৰ চাহিদা হ্ৰাস পাইছিল ৷ অৱশ্যে ২০২১বৰ্ষত পুনৰ এই চাহিদা বৃদ্ধি হয় ৷ ২০২১ বৰ্ষত সোণৰ চাহিদা ৪০২১টনলৈ বৃদ্ধি হয় ৷ ২০২১ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকত সোণৰ চাহিদা হয়গৈ ১,১৪৭টন ৷ এই হাৰ ২০১৯ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিকৰ সময়ছোৱাৰ তুলনাত ৫০শতাংশৰ অধিক ৷
উল্লেখযোগ্য যে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে অৰ্থনৈতিক মন্দাৱস্থা আৰু মুদ্ৰাস্ফীতি বৃদ্ধিৰ মাজতে সোণৰ খুচুৰা বিনিয়োগ বৃদ্ধি হৈছে ৷ ৱৰ্ল্ড গ’ল্ড কাউন্সিলৰ তথ্য অনুসৰি যোৱা আঠ বছৰত সোণৰ বিস্কুট আৰু মুদ্ৰাৰ চাহিদা ৩১শতাংশলৈ বৃদ্ধি পাইছে ৷ কাউন্সিলৰ জ্যেষ্ঠ বিশেষজ্ঞ লুইছ ষ্ট্ৰীটৰ মতে বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো সোণৰ খুচুৰা বিনিয়োগ বৃদ্ধি হোৱাটো অৰ্থনীতিৰ বাবে নিশ্চয় এক শুভ লক্ষণ ৷
৷