আজি মঙলবাৰে সোণৰ মূল্য বৃদ্ধি পাইছে ভাৰতৰ সকলো মুখ্য চহৰতে । গুড ৰিটাৰ্ণৰ প্ৰতিবেদন অনুসৰি, এই হালধীয়া ধাতুৰ হাৰ প্ৰতি ১০০ গ্ৰামত ১০০০ টকা বৃদ্ধি হৈছিল। এই বৃদ্ধিৰ পিছত সোণৰ প্ৰতি ১০ গ্ৰাম(২২ কেৰেট)ৰ মূল্য হয়গৈ ৪৭,৫০০ টকা। আনহাতে ১০ গ্ৰাম (২৪ কেৰেট) সোণৰ মূল্য ৫১,৮১০টকালৈ বৃদ্ধি পাইছে। পূৰ্বৱৰ্তী বাণিজ্যত, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ মূল্য আছিল প্ৰতি ১০ গ্ৰামত ক্ৰমান্বয়ে ৪৭,৪০০ টকা আৰু ৫১,৭১০ টকা।
দিল্লী, মুম্বাই, হায়দৰাবাদ আৰু বেংগালুৰুৰ দৰে চহৰত মূল্যৱান ধাতুৰ মূল্য আছিল ৪৭,৫০০ টকা (২২ কেৰেট সোণৰ দহ গ্ৰামৰ বাবে)। আবকাৰী শুল্ক, ৰাজ্যিক কৰ আৰু অন্যান্য শুল্কৰ বাবে সমগ্ৰ দেশতে পৃথক হয় সোণ আৰু ৰূপৰ মূল্য ।
ভাৰতৰ মুখ্য চহৰবোৰত ২২-কেৰেট আৰু ২৪-কেৰেট সোণৰমূল্য এনেধৰণৰ:
চেন্নাইত আজি ২২ কেৰেট সোণৰ মূল্য ৪৮,৫৯০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৫৩,০০০টকা
কলকাতাত ২২ কেৰেট সোণৰ মূল্য ৪৭,৫০০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৫১,৮১০টকা
পাটনা ২২ কেৰেট সোণৰ মূল্য ৪৭,৫৮০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৫১,৮৯০টকা
নাগপুৰ ২২ কেৰেট সোণৰ মূল্য ৪৭,৫৮০টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৫১,৮৯০টকা
বাংগালোৰত ২২ কেৰেট সোণৰ মূল্য ৪৭,৫০০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য৫১,৮১০টকা
হায়দৰাবাদত ২২ কেৰেট সোণৰ মূল্য ৪৭,৫০০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য৫১,৮১০টকা
কেৰালাত ২২ কেৰেট সোণৰ মূল্য ৪৭,৫০০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য৫১,৮১০টকা
পুনেত ২২ কেৰেট সোণৰ মূল্য ৪৭,৫৮০ টকা আনহাতে ২৪ কেৰেট সোণৰ মূল্য৫১,৮৯০টকা