ভাৰতীয় বজাৰত উচ্চ মুদ্ৰাস্ফীতিৰ হাৰে যোৱা কেইদিনমানত সোণৰ মূল্য অত্যন্ত অস্থিৰ কৰি তুলিছে যদিও যোৱা ২৪ ঘণ্টাত ভাৰতৰ বিভিন্ন মেট্ৰ’ চহৰত সোণৰ মূল্যৰ কিছু তাৰতম্য ঘটা দেখা গৈছে।
ভাৰতৰ এখন লেখত ল’বলগীয়া চহৰ চেন্নাইত আজি ২৪ কেৰেট (১০ গ্ৰাম)ত সোণৰ মূল্য ৫২,২৮৫ টকা আৰু ২২ কেৰেটৰ (১০ গ্ৰাম) মূল্য ৪৭,৯২৭ টকা।
আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ২৪ কেৰেট (১০ গ্ৰাম)ৰ সোণৰ মূল্য ৫০,৭৯০ টকা আৰু ২২ কেৰেট (১০গ্ৰাম)ৰ মূল্য হৈছে ৪৬,১০০ টকা। কলকাতাত ২৪ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য ৫০,২৯০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম) ৰ মূল্য ৪৬,১০০ টকা। আনহাতে চলচিত্ৰ নগৰী মুম্বাইত ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৫০,২৯০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৬,১০০ টকা।
উড়িষাৰ ৰাজধানী চহৰ ভুৱনেশ্বৰত ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৫০,২৯০ টকা আৰু বৃহস্পতিবাৰে ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য হৈছে ৪৬,১০০ টকা। যোৱা ২৪ ঘণ্টাত চহৰখনত ৪৯০ টকা হ্ৰাস পাইছে সোণৰ মূল্য ।