ভাৰতত আজি পুনৰ বৃদ্ধি পাইছে সোণৰ মূল্য ৷ ভাৰতীয় বজাৰত পুনৰ বৃদ্ধি পাইছে ২৪ কেৰেট আৰু ২২সোণৰ মূল্য ৷ আজি মূল্য বৃদ্ধি হৈ ভাৰতত ২৪কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য হৈছেগৈ ৫১,৪৪০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম)ৰ মূল্য হৈছে ৪৭,১২০ টকা।
ইয়াৰ বিপৰীতে কালি ভাৰতীয় বজাৰত ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) সোণৰ মূল্য আছিল ৫১,৩৮০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য আছিল ৪৭,১০০ টকা।
যোৱা ২৪ ঘণ্টাত ভাৰতৰ বিভিন্ন মেট্ৰ’ চহৰত সোণৰ মূল্যৰ তাৰতম্য দেখা গৈছে।
দেশৰ মুখ্য চহৰ চেন্নাইত আজি ২৪ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য হ’ল ৫২,২৮৫ টকা আৰু ২২ কেৰেটৰ (১০ গ্ৰাম) সোণৰ মূল্য ৪৭,৯২৭ টকা। আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ২৪ কেৰেট (১০ গ্ৰাম) সোণৰ মূল্য ৫১,৮২০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম)ৰ মূল্য হৈছে ৪৭,৫০০ টকা। কলকাতাত ২৪ কেৰেট (১০ গ্ৰাম)ৰ মূল্য ৫১,৬৫০ টকা আৰু ২২ কেৰেট (১০ গ্ৰাম)ৰ মূল্য হৈছে ৪৭,৩৫০ টকা। আনহাতে চলচ্ছিত্ৰ নগৰী মুম্বাইত ২৪ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৫১,৬৫০ টকা আৰু ২২ কেৰেট সোণৰ (১০ গ্ৰাম) মূল্য ৪৭,৩৫০ টকা।