আজি ভাৰতীয় বজাৰত হ্ৰাস পালে সোণ আৰু ৰূপৰ মূল্য ৷ এম চি এক্সত আজি ৰাতিপুৱা ২৪-কেৰেট বিশুদ্ধতাৰ সোণৰ দাম (Gold Price Today) প্ৰতি ১০ গ্ৰামত ৪৫৪ টকা হ্ৰাস পাইছে ।
উল্লেখ্য যে আজি ৰাতিপুৱা বিশ্ববজাৰত চলি থকা অস্থিৰতাই প্ৰভাৱিত কৰিছিল ভাৰতীয় বজাৰক ৷ ভাৰতীয় বজাৰত আজি ভালেখিনি হ্ৰাস পাইছে সোণৰ মূল্য ৷ আজি সোণৰ মূল্য ৪৫৪ টকা সস্তা হোৱাৰ লগতে ৰূপৰ মূল্যও দুদিনত প্ৰায় ২০০০ টকা হ্ৰাস পাইছে ।
এম চি এক্সত আজি ৰাতিপুৱা ২৪-কেৰেট বিশুদ্ধতাৰ সোণৰ দাম (Gold Price Today) প্ৰতি ১০ গ্ৰামত ৪৫৪ টকা হ্ৰাস হৈ ৫০,৩৪৮ টকা হোৱাৰ লগতে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ১২৬ টকা হ্ৰাস হৈ ৫৪,৯০৯ টকা হয়গৈ।
উল্লেখযোগ্য যে সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ চৰকাৰে এটা এপ সৃষ্টি কৰিছে ৷ এই ‘বি আই এছ কেয়াৰ এপ’ৰ পৰা গ্ৰাহকসকলে সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে ৷ এই এপটোৱে কেৱল সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাই নহয় এপটোৰ যোগেদি ইয়াৰ সৈতে সম্পৰ্কিত যিকোনো অভিযোগো কৰিব পাৰে গ্ৰাহকে৷