কেন্দ্ৰীয় চৰকাৰৰ এক উল্লেখযোগ্য আঁচনি হৈছে কুসুম যোজনা (PM Kusum Scheme)। খেতিয়কসকলৰ আয় বৃদ্ধি কৰাৰ উদ্দেশ্যে ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে এই যোজনাৰ প্ৰৱৰ্তন কৰিছিল। এই আঁচনিৰ মূল বিষয়বস্তু হৈছে সূৰ্যৰ শক্তি। এই শক্তি ব্যৱহাৰ কৰি কৃষক সকলে এক ভাল আয় অৰ্জন কৰিব পাৰে।
উল্লেখ্য যে এই কুসুম আঁচনিৰ অধীনত কৃষক সকলক ছ’লাৰ পেনেলছ( solar panels) দিয়াৰ ব্যৱস্থা আছে , যাৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিব পৰা যায়। আনহাতে নিজৰ প্ৰয়োজনীয় বিদ্যুৎ ব্যৱহাৰ কৰাৰ পাচত ৰাহি হোৱা বিদ্যুৎ বিক্ৰীও কৰিব পৰা যায়। উক্ত আঁচনিৰ অধীনত প্ৰায় ২০ লাখ কৃষকক “solar pumps” বিতৰণৰ সুবিধা দিয়া হৈছে। চৰকাৰে এই আঁচনিৰ বাবে ৩৪,৪২২ কোটি টকা ব্যয় কৰিছে বুলি ইতিমধ্যে ঘোষণা কৰিছে।
প্ৰাপ্ত তথ্য মতে কেন্দ্ৰীয় চৰকাৰৰ কুসুম যোজনাৰ বাবে আবেদন কৰিবলৈ চৰকাৰী ৱেবচাইট https://mnre.gov.in/. লৈ যাব লাগিব। এই ক্ষেত্ৰত আধাৰ কাৰ্ড , সম্পত্তিৰ নঠি-পত্ৰ আৰু বেংক একাউন্টৰ সবিশেষ জমা দিব লাগিব। আনহাতে যিকোনো কৃষক , কৃষকৰ দল, সহকাৰী সমিতি , পঞ্চায়ত আদিয়েও ‘’solar pump”ৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ বাবে ৫০,০০০ টকা প্ৰতি মেগাৱাট আৰু জি এছ টি (GST) হিচাপে বিদ্যুৎ বিভাগক আবেদন পত্ৰ সহিতে জমা দিব লাগিব।
কুসুম যোজনাৰ লাভসমূহ-
- এই যোজনাৰ সহায়ত খেতিয়ক সকলে বিদ্যুৎ ৰাহি কৰিব পাৰিব।
- জলসিঞ্চনৰ বাবে বিনা পইচাত লাভ কৰিব বিদ্যুৎ ।
- ডিজেল আৰু কেৰাচিনৰ ওপৰত ভৰষা কৰি কাম কৰা কৃষকৰ কষ্ট লাঘৱ হ’ব।
- বাতাৱৰণ প্ৰদুষণ মুক্ত হ’ব ।
- কৃষক সকলে মুঠ খৰচৰ মাত্ৰ ১০% হে ব্যয় কৰিব লাগিব।
- চন পৰা মাটি পুনঃ ব্যৱহাৰ যোগ্য হৈ উঠিব।
- কৃষকসকলে নিজৰ আয় বৃদ্ধিৰ বাবে ৰাহি হোৱা বিদ্যুৎ বিক্ৰী কৰিব পাৰিব।
উল্লেখ্য যে কুসুম যোজনাৰ অধীনত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে কৃষকৰ বেংকৰ একাউন্টত ৬০% ৰেহাই প্ৰদান কৰিব।