বুধবাৰে কিছু অপবাদৰ সৈতে চৰকাৰে ড্ৰোণৰ আমদানিৰ ক্ষেত্ৰত জাৰি কৰিলে নিষেধাজ্ঞা ৷ দেশত ড্ৰোণৰ নিৰ্মাণ বৃদ্ধি কৰাৰ প্ৰয়াসেৰে চৰকাৰে গ্ৰহণ কৰিলে এই পদক্ষেপ ৷ অনুসন্ধান, বিকাশ ,ৰক্ষা নাইবা সুৰক্ষাৰ উদ্দেশ্যৰেহে কোনো ব্যক্তিয়ে বৰ্হিদেশৰ পৰা ড্ৰোণ আমদানি কৰিব পাৰিব বুলি কয় ৷ অৱশ্যে এই ক্ষেত্ৰতো উপযুক্ত অনুমতিৰ প্ৰয়োজন হ’ব ব্যৱহাৰকাৰীক ৷
আনহাতে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এক বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে যে ,’ড্ৰোণত ব্যৱহৃত কোনো ধৰণৰ প্ৰয়োজনীয় সঁজুলিৰ আমদানিৰ বাবে কোনো ধৰণৰ অনুমতিৰ প্ৰয়োজন নহ’ব’ ৷ আনফালে বাণিজ্য তথা উদ্যোগ মন্ত্ৰালয়ৰ বিদেশ ব্যৱসায় মহানিৰ্দেশালয়ে বিদেশৰ পৰা আমদানি হ’ব লগীয়া ড্ৰোণ সমূহৰ ওপৰত বাধা আৰোপ কৰি ইতিমধ্যে এক অধিসূচনা জাৰি কৰিছে ৷
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে যোৱা বছৰৰ আগষ্ট মাহতে দেশত ড্ৰোণৰ নিৰ্মাণ বৃদ্ধি কৰিবলৈ কিছু উদাৰ নীতি-নিৰ্দেশনা জাৰি কৰিছিল ৷