চলিত বৰ্ষৰ ৮ৰ পৰা ১০ছেপ্টেম্বৰলৈ গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব হস্তশিল্প মেলা৷ এই হস্তশিল্প মেলা অনুষ্ঠিত কৰিব ইতিমধ্যে কলকাতাত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা এক আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান ‘এছথেটিকে’ ৷ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক মূহুৰ্তত গ্ৰাহক সকলৰ সুবিধাৰ্থে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ সত্যনাথ বৰা ভৱনত এই মেলাৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তা সকলে ৷
‘এছথেটিক’ৰ প্ৰতিষ্ঠাপক সঞ্চিতা ঘোষ আৰু মৈত্ৰেয়ী পাঠকে মংগলবাৰে গুৱাহাটী প্ৰেছক্লাবত অনুষ্ঠিত এখন সংবাদমেলক উদ্দেশ্যি কয় যে এই হস্তশিল্প মেলাত দেশৰ ভিন্ন প্ৰান্তৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে নিজ নিজ সামগ্ৰী সমূহ প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰীও কৰিব ৷ বিশেষকৈ শাৰী,অলংকাৰকে আদি কৰি বিভিন্ন ৰাজ্যৰ বিভিন্ন হস্ত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰিব পাৰিব গ্ৰাহক সকলে ৷আনহাতে তেওঁলোকে জনোৱা অনুসৰি এই হস্তশিল্প মেলাত গুৱাহাটীৰ লগতে বৰপেটা ,হায়দৰাবাদ ,কলকাতা,জয়পুৰ,গুজৰাট আদিৰ দৰে দেশৰ বিভিন্ন ঠাইৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহেও অংশগ্ৰহণ কৰিব ৷