অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ মোডী মন্ত্ৰী সভাত স্থান লাভ কৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল জন আশীৰ্বাদ যাত্ৰাত অংশ লবলৈ অসমত উপস্থিত হৈছিল।জন আশীৰ্বাদ যাত্ৰাৰ অংশ স্বৰূপে কেইবা খনো জনসভাত অংশগ্ৰহণ কৰাৰ লগতে কেইবাটাও অভিলাষী প্ৰকল্পৰ কাম হাতত লয়।
উত্তৰ পূবক নতুন ভাৰতৰ উন্নয়নৰ নতুন ইঞ্জিন ৰূপে ৰূপান্তৰিত কৰা লক্ষ্যৰে আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী গৰাকীৰ উত্তৰ পূবক লৈ যি সপোন সেই সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সৰ্বানন্দ সোনোৱালে নুমলীগড় শোধনাগাৰ ৰ নিচিনা এটা সম্ভাৱনা পূৰ্ণ উদ্যোগৰ সৈতে জলপথৰ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বন্দৰ, জলপৰিবহণ আৰু জলপথ মন্ত্রালয়ৰ উদ্যোগত নুমালীগড় শোধনাগাৰ ৰ সৈতে হোৱা চুক্তিৰ অনুষ্ঠানত উপস্থিত থাকি অসমক আৰু এখোজ উন্নতিৰ পথত আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে।
এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হলে পৰৱৰ্তী সময়ত জলপথেৰে নুমলীগড় শোধনাগাৰ লৈ কাৰ্গো পৰিবহণ ব্যৱস্থা সুচল হব।ইয়াৰ উপৰিও বিয়লি ভাগত গুৱাহাটীৰ পাণ্ডুত উপস্থিত হৈ এক বিশাল সভাত অংশগ্ৰহণ কৰি পাণ্ডু বন্দৰত জাহাজ মেৰামতি প্রতিষ্ঠান নিৰ্মান কৰাৰ লক্ষ্যৰে হুগলি কোচিন চিপ্যাৰ্ড লিমিটেড চমুকৈ(HCSL) ৰ সৈতে অসম চৰকাৰে এক চুক্তিত স্বাক্ষৰ কৰে।উক্ত অনুষ্ঠানত উপস্থিত থাকে কেইবা গৰাকীও বিষয়া আমোলা ৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ,অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী।
ভাষণ প্ৰসংগত সৰ্বানন্দ সোনোৱালে জল পৰিবহণৰ বিষয়টোক অধিক গুৰুত্ব প্ৰদান কৰি কয় যে যদিহে অসমৰ জল পৰিবহণ ব্যৱস্থা সুচল হৈ তেতিয়া হলে বিভিন্ন বহিঃ ৰাষ্ট্ৰৰ সৈতে ব্যৱসায়িক দিশত অসম অধিক আগবাঢ়িব।ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে কয় যে অসমৰ পৰা বিভিন্ন উৎপাদিত সামগ্ৰী আমদানি ৰপ্তানিৰ ক্ষেত্ৰত এই জল পৰিবহণ ব্যৱস্থাই বিশেষ সহায় কৰিব।
পৰৱৰ্তী সময়ত মালবাহী আৰু যাত্ৰীবাহী জাহাজ ও চলাচলৰ ক্ষেত্ৰত চৰকাৰখনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।অসমৰ প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিন ৰাতি একাকাৰ কৰি অসমৰ স্বাৰ্থত অধিক কষ্টেৰে কাম কৰি থকা বুলি মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল।ইয়াৰ লগতে জাহাজ মেৰামতি প্ৰতিষ্ঠান ৰ নিৰ্মান কাৰ্যত সকলো প্ৰকাৰে সহায় সহযোগ আগবঢ়াবলৈ পাণ্ডুৰ ৰাইজক আন্তৰিকতাৰে অনুৰোধ জনায় কেন্দ্ৰীয় মন্ত্রী গৰাকীয়ে।
উল্লেখযোগ্য যে শুক্ৰবাৰে খানাপাৰাস্থিত ষ্টাফ কলেজত এক বিশেষ বৈঠকত মিলিত হয় সৰ্বানন্দ সোনোৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।মুখ্যমন্ত্ৰীৰ সাগৰ মালা প্ৰজেক্টৰ ওপৰত আলোচনা কৰাৰ বাবে এই বৈঠকত মিলিত হয় দুয়োগৰাকী মন্ত্ৰী।উত্তৰ পূবৰ বাবে জল পৰিবহণ ৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি প্ৰদূষণ আৰু দুৰ্ঘটনা ৰোধৰ বাবে এই প্ৰজেক্টৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে চৰকাৰ খনে।