বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই দিব বুলি কৰা ঘোষণাই অসমৰ সংবাদ মাধ্যমত তোলপাৰ লগাইছিল।
কিন্তু পৰৱৰ্তী সময়ত অসম চৰকাৰে এই সন্দৰ্ভত কোনো ধৰণৰ ফলপ্ৰসু সিদ্ধান্ত ল’ব পৰা নাছিল। যাৰ পৰিপ্ৰেক্ষিতত ঠায়ে ঠায়ে মহিলাসকল ক্ষুব্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই বিষয়ত সময়ে সময়ে বিভিন্ন মাধ্যমত বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাও পৰিলক্ষিত হৈছিল।
হিমন্ত বিশ্ব শৰ্মাৰ ঋণ মাফৰ প্ৰসংগ নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ মিছা প্ৰতিশ্ৰুতি আছিল বুলি একাংশই চৰকাৰক সমালোচনা কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰি ১০০ দিনৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ৰাজ্যৰ ২৬ লাখ মহিলাৰ বাবে লৈ আনিছে আশাৰ বতৰা।
ইতিমধ্যে তেখেতৰ পৃষ্ঠপোষকতাত ৰাজ্য চৰকাৰ আৰু মাইক্ৰফাইনেঞ্চ কোম্পানীৰ সৈতে এক বিশেষ চুক্তি সম্পন্ন হৈছে। যি চুক্তিৰ আধাৰত ২৬ লাখ মহিলাৰ ঋণ ৰেহাই দিব চৰকাৰে।
আনহাতে যি সকল মহিলাই নিয়মীয়াকৈ ঋণ প্ৰদান কৰি আছে তেওঁলোকক চৰকাৰে উদগনি হিচাপে ২৫০০০ টকাকৈ আগবঢ়াব। উল্লেখযোগ্য যে এতিয়াৰ পৰা আৰ্থিক অৱস্থা পৰ্যবেক্ষণ কৰিহে মাইক্ৰফাইনেঞ্চ কোম্পানীবোৰে ঋণ দিব পাৰিব। ইয়াৰ উপৰিও ৰিজাৰ্ভ বেংকৰ নীতি বহিৰ্ভূত ভাবে প্ৰদান কৰা ঋণৰ দায়িত্ব বেংকে ল’ব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।