অতি শীঘ্ৰেই চীন আৰু জাৰ্মানীৰ দৰে ভাৰততো চলিব হাইড্ৰজেন চালিত ৰে’ল ।এই সন্দৰ্ভত দেশৰ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বছৰৰ শেষৰ ফালে দেশত আৰম্ভ হ’ব হাইড্ৰ’জেন ৰে’লৰ চলাচল । এই বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ৰে’লৱেই নিজৰ নেৰ’গেজ হেৰিটেজ ৰুটত হাইড্ৰজেন চালিত ৰে’ল আৰম্ভ কৰিব।যি হ’ব সম্পূৰ্ণ প্ৰদূষণমুক্ত ।
ৰে’ল মন্ত্ৰী বৈষ্ণৱে কয় যে ২০২৩ চনৰ ডিচেম্বৰৰ পৰা ঐতিহ্যমণ্ডিত পথত হাইড্ৰজেন ৰে’ল আৰম্ভ কৰা হ’ব । যাৰ অৰ্থ হ’ল যে হাইড্ৰজেন ৰে’লৰ যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে এই ঐতিহ্যমণ্ডিত পথসমূহ সম্পূৰ্ণ প্ৰদূষণমুক্ত হ’ব। লগতে তেওঁ কয় যে এই বৃহৎ প্ৰজেক্টৰ অংশ হিচাপে ৰে’লৱেই উত্তৰ ৰে’লৱে কৰ্মশালাত হাইড্ৰ’জেন ইন্ধন ভিত্তিক ৰে’লৰ আৰ্হি প্ৰস্তুত কৰি আছে। হাৰিয়ানাৰ শোণিপত-জিন্দ অঞ্চলত এই ৰে’লৰ পৰীক্ষা কৰা হ’ব।
দৰাচলতে বিশ্বজুৰি ডিজেল চালিত ইঞ্জিনৰ ঠাইত হাইড্ৰ’জেন চালিত ইঞ্জিন ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা আজি বহুদিন ধৰি চলি আছে কাৰণ বৈদ্যুতিক ৰে’লৰ খৰচ তুলনামূলকভাৱে বহুত বেছি আৰু কঠিন। ইয়াৰ তুলনাত হাইড্ৰ’জেন চালিত ৰে’লৰ খৰচ কম হ’ব।
এই হাইড্ৰজেন চালিত ৰে’ল চলিব এই নেৰ’গেজৰ পথসমূহত-
মূলতঃ ডিজেল চালিত ৰে’ল চলাচল কৰা ভাৰতীয় ৰে’লৱেৰ ঐতিহ্যমণ্ডিত পথত অতি সোনকালে হাইড্ৰ’জেন ৰে’ল চলাচল কৰিব যি অৱশ্যেই ভাৰতীয় সকলৰ বাবে এক সুখবৰ ৷ । ইয়াৰ ভিতৰত আছে দাৰ্জিলিং হিমালয়ান ৰে’লৱে, নীলগিৰি পৰ্বত ৰে’লৱে, কলকা শিমলা ৰে’লৱে, মথেৰান হিল ৰে’লৱে, কংৰা উপত্যকা, বিলমোৰা ৱাঘাই আৰু মাৰৱাৰ-দেওগড় মাদিয়া। এই সকলোবোৰ নেৰ’গেজৰ পথ।
উল্লেখনীয় যে জাৰ্মানীৰ ক’ৰ’দিয়া আইলিণ্ট (Coradia Eyelint) হৈছে হাইড্ৰজেন চালিত বিশ্বৰ প্ৰথমখন যাত্ৰীবাহী ৰে’ল। কম শব্দ কৰা এই ৰে’লখনে আৰু এক্সজেষ্ট হিচাপে কেৱল ভাপ আৰু ঘনীভূত পানীহে নিৰ্গত কৰে। এই ৰে’লখনে ঘণ্টাত ১৪০ কিলোমিটাৰ বেগত ১০০০ কিলোমিটাৰ যাত্ৰা কৰিব পাৰে। ২০১৮ চনৰ পৰা জাৰ্মানীত ইয়াৰ পৰীক্ষা চলি আছে।
শেহতীয়াকৈ চীনে আৰম্ভ কৰিছে নগৰীয়া ৰে’লপথৰ বাবে এছিয়াৰ প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল । খবৰ অনুসৰি ই একক টেংকত ৬০০ কিলোমিটাৰ ৰেঞ্জ লাভ কৰে, যাৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত ১৬০ কিলোমিটাৰ।