আজি আয়কৰ বিভাগে মহাৰাষ্ট্ৰৰ জালনা জিলাৰ ষ্টীল নিৰ্মাতাসকলৰ বাসগৃহ, কাৰ্যালয় আৰু কাৰখানাত চলোৱা এক অভিযানত উদ্ধাৰ কৰা হয় মুঠ ৩৯০ কোটি টকাৰ অবৈধ সম্পত্তি ।১ ৰ পৰা ৮ আগষ্টলৈ আয়কৰ বিভাগৰ দ্বাৰা চলোৱা এই অভিযানৰ সময়ত হিচাপ বিহীন সম্পত্তিবোৰ উদ্ধাৰ কৰা হৈছে।
ইতিমধ্যে আয়কৰ বিভাগে অভিযুক্ত ব্যৱসায়ী সকলৰ পৰা জব্দ কৰিছে নগদ ৫৮ কোটি টকা, ৩২ কিলোগ্ৰাম সোণৰ গহনা, ১৬ কোটি টকাৰ হীৰা আৰু মুকুতাৰ গহনা আৰু ৩০০ কোটি টকাতকৈও অধিক মূল্যৰ অবৈধ সম্পত্তি।উল্লেখ্য যে উদ্ধাৰ হোৱা নগদ ধনৰ সঠিক পৰিমাণ গণনা কৰিবলৈ দলটোক প্ৰায় ১৩ ঘণ্টা সময় লাগিছিল।
কৰ জালিয়াতিৰ অভিযোগৰ তথ্যৰ ভিত্তিত আয়কৰ বিভাগে অভিযুক্ত ব্যৱসায়িক গোটবোৰৰ বিৰুদ্ধে চলোৱা অনুসন্ধান অভিযানৰ বাবে ৰাজ্যখনৰ পৰা ২৬০ জন বিষয়াৰ পাঁচটা দল গঠন কৰে।
বাতৰি অনুসৰি অভিযুক্ত সকলৰ আলমাৰী, বিচনাৰ তল আৰু কিছুমান মোনাৰ পৰা উদ্ধাৰ কৰা হৈছিল নগদ ধন।আনহাতে এইবোৰ তেওঁলোকৰ বাসগৃহৰ পৰিৱৰ্তে উদ্ধাৰ কৰা হৈছিল তেওঁলোকৰ ফাৰ্মহাউচৰ পৰাহে ।