কিছুদিন আগতে অসম চৰকাৰে সময়ে সময়ে প্ৰকাশ কৰা নতুন এছ অ’ পিত বাছ চালক তথা বাছৰ কৰ্মচাৰীসকলৰ প্ৰতি কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ কৰা নাই বুলি বাছ চালক তথা বাছৰ কৰ্মচাৰীসকলে অভিযোগ উত্থাপিত কৰিছিল।
ক’ভিড সৃষ্ট পৰিৱেশে অন্যান্য বহু উদ্যোগৰ দৰে পৰিবহণ উদ্যোগলৈও ভয়াবহ সংকট কঢ়িয়াই আনিছে। বিশেষকৈ আন্তঃজিলা যাতায়তৰ বন্ধে বাছ চালক তথা কৰ্মচাৰীসকলৰ জীৱন-জীৱিকাক চূড়ান্তভাৱে প্ৰত্যাহ্বান জনাইছে।
এই সন্দৰ্ভত দেওবাৰে তেজপুৰত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। বৈঠকত সন্থাই বৃহৎ লোকচানৰ সন্মুখীন হোৱা উদ্যোগটোত চৰকাৰে বাছৰ ভাৰা বৃদ্ধি নকৰিলে ৫০ শতাংশ ভাৰা বৃদ্ধিৰে বাছ সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ লগতে এলানি দাবীও উত্থাপন কৰে সন্থাই।
এফালে বাছসেৱাৰ অচলাৱস্থাত সেৱাখণ্ডৰ সৈতে জড়িতসকলৰ পানীত হাঁহ নচৰা অৱস্থা, আনহাতে মূল্যবৃদ্ধি আৰু ক’ভিডকালীন সংকটে জৰাজীৰ্ণ কৰা জনতা! একাংশই মত প্ৰকাশ কৰিছে যে এই আপদকালীন পৰিস্থিতিত চৰকাৰী পক্ষৰ সহযোগিতা আৰু দীৰ্ঘম্যাদী পৰিকল্পনা অবিহনে কোনো পক্ষই উদ্ধাৰ হ’ব নোৱাৰে।
উল্লেখ্য যে দেওবাৰে তেজপুৰত আয়োজিত এই সভাত ৰাজ্যৰ ২১খনৰ জিলাৰ শতাধিক প্রতিনিধিয়ে অংশগ্রহণ কৰে৷ লকডাউনত ব্যাহত হোৱা বাছ সেৱা আৰু ডিজেলকে ধৰি অন্যান্য সামগ্রীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বাবে সন্মুখীন হোৱা বৃহৎ লোকচানৰ সন্দর্ভত সভাত বিশদভাৱে আলোচনা কৰা হয়৷
উল্লেখ্য যে ২০১৯ চনৰ ১৮ অক্টোবৰত ৰাজ্যখনৰ বাছসমূহৰ বাবে ধার্য কৰা ভাৰাৰে এতিয়াও বাছ চলি আছে। সেই সময়ত প্ৰতি লিটাৰ ডিজেলৰ মূল্য আছিল ৬৮ টকা আৰু এতিয়া প্রায় ৯০ টকা ৷ ইয়াৰ উপৰি টায়াৰকে ধৰি অন্যান্য বাহন সামগ্রীৰ মূল্যও অভাৱনীয় হাৰত বৃদ্ধি হ’ল বুলি অভিযোগ কৰে বাছৰ মালিকসকলে। লগতে বৰ্তমান সময়ত পূৰ্বৰ নিৰিখ অনুসৰি যাতায়ত অসম্ভৱ বুলিও সন্থাই মন্তব্য কৰে।
ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে বিগত বর্ষত ৬ মাহ আৰু চলিত বর্ষত মে’ মাহৰ পৰা বাছসেৱা বন্ধ হৈ থকাৰ বাবে সমগ্ৰ পৰিবহন খণ্ডটোৱেই অভাৱনীয় লোকচানৰ সন্মুখীন হৈছে৷ এনে পৰিপ্রেক্ষিতত ভাৰাবৃদ্ধি নকৰিলে বাছ সেৱা আৰম্ভ কৰাটো সম্ভৱপৰ নহ’ব৷
উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বাছসেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল৷ সেই ভিত্তিতে দেওবাৰৰ সভাত অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বাছসেৱা আৰম্ভ হ’ব বুলি আশা প্রকাশ কৰাৰ লগতে সন্থাই আলোচনাৰ অন্তত তিনিটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰাৰ কথা জানিবলৈ পোৱা গৈছে। সিদ্ধান্ত অনুসৰি বেচৰকাৰী বাছসমূহৰ ভাৰা যদিহে চৰকাৰে ৭০ শতাংশ বৃদ্ধি নকৰে তেন্তে সন্থাই নিজাববীয়াকৈ ৫০ শতাংশ ভাৰা বৃদ্ধিৰে বাছ সেৱা আৰম্ভ কৰিব।
সাংবাদিকৰ আগত সভাপতি ৰাতুল চন্দ্র শর্মাই ক’ভিড সৃষ্ট পৰিস্থিতি আৰু লকডাউনৰ বাবে ৰাজ্যখনৰ বাছসেৱা ব্যৱসায় খণ্ড অতি বেছি ক্ষতিগ্রস্ত হৈছে বুলি উল্লেখ কৰে। লকডাউনৰ সময়ছোৱাত বাছ সেৱা বন্ধ হৈ থকা হেতু চৰকাৰী ৰোড টেক্সৰ পৰা ৰেহাই দিয়াৰ দাবীৰ লগতে বীমা কোম্পানীসমূহে বীমাৰ ম্যাদ বৃদ্ধি কৰাৰ দাবী উত্থাপনৰ সিদ্ধান্ত গ্রহণ কৰাৰ কথাও তেখেতে উল্লেখ কৰে।
প্রসংগক্রমে সভাপতি শর্মাই চুবুৰীয়া পশ্চিমবংগ আৰু মেঘালয় চৰকাৰকে ধৰি আন একাংশ ৰাজ্যৰ চৰকাৰে লকডাউনৰ পৰিপ্রেক্ষিতত বাছৰ ৰোড টেক্স আৰু কৰ–কাটল ৰেহাই দিয়াৰ কথা উল্লেখ কৰি অসম চৰকাৰকো অনুৰূপ ব্যৱস্থা ল’বলৈ আহ্বান জনায়।