দেশৰ শীৰ্ষ দহটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত আঠটা প্ৰতিষ্ঠানৰ বজাৰ মূল্য যোৱা সপ্তাহত ২.৩৪ লাখকোটি টকা বৃদ্ধি পায় ৷ সৰ্বাধিক পৰিমাণৰ বজাৰ মূলধন বৃদ্ধি পোৱা ব্যৱসায়িক প্ৰতিষ্ঠান কেইটা হৈছে ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰিজ লিমিটেড,ইনফ’ছিছ আৰু টি চি এছ ৷ ইয়াৰ ভিতৰত ৰিলায়েন্সৰ বজাৰ মূলধন সৰ্বাধিক ৬৯,৫০৩.৭১কোটি টকা বৃদ্ধি পায় ৷ আনহাতে বজাৰ মূলধন বৃদ্ধি পোৱা অন্যান্য প্ৰতিষ্ঠান কেইটা হ’ল এইচ ডি এফ চি,আই চি আই চি আই বেংক ,ভাৰতীয় ষ্টেট বেংক ,বাজাজ ফাইনেন্স আৰু ভাৰতী এয়াৰটেল ৷
আনহাতে উক্ত প্ৰতিষ্ঠানকেইটাৰ বজাৰ মূলধন বৃদ্ধি পোৱাৰ বিপৰীতে হিন্দুস্তান ইউনিলিভাৰ লিমিটেড আৰু ইউনিলিভাৰ প্ৰতিষ্ঠান দুটাৰ শেহতীয়াকৈ বজাৰ মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷