শেহতীয়াকৈ ডেল’ইট নামৰ এটা প্ৰতিষ্ঠানে মানসিক স্বাস্থ্যক লৈ চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে এক তথ্য ৷ যাৰ যোগেদি জানিব পৰা গৈছে যে কৰ্মচাৰী সকলৰ দুৰ্বল মানসিক স্বাস্থ্যৰ বাবে ভাৰতৰ প্ৰতিষ্ঠান সমূহে প্ৰতি বছৰে হেৰুৱাব লগা হয় ১৪বিলিয়ন ডলাৰ ৷
প্ৰতিষ্ঠানটোৱে চলোৱা সমীক্ষাটোৰ যোগেদি পোহৰলৈ আহিছে যে কৰ’ণা সংক্ৰমণৰ পিছত বিশ্বত বিভিন্ন ধৰণৰ মানসিক সমস্যাত ভূগি থকা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ আনহাতে ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ মতেও সমগ্ৰ বিশ্বতে মানসিক সমস্যাত ভূগি থকা লোকসকলৰ ভিতৰত ১৫শতাংশই হৈছে ভাৰতবৰ্ষৰ ৷
ডেল’ইট নামৰ প্ৰতিষ্ঠানটোৱে চলোৱা ‘মেণ্টেল হে’ল্থ এণ্ড ৱেল-বিইং ইন দ্যা ৱৰ্ক প্লেচ’শীৰ্ষক এই সমীক্ষাটোত অংশগ্ৰহণ কৰা ৪৯% লোকেই এই কথা কয় যে কৰ্মক্ষত্ৰৰ সৈতে জড়িত বিভিন্ন চাপৰ বাবে তেওঁলোকৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পৰে ৷ অৱশ্যে সামাজিক আৰু অৰ্থনৈতিক কাৰক সমূহেও এই ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে বুলি সমীক্ষাটোৰ যোগেদি প্ৰকাশ পাইছে ৷ সেয়েহে জানিব পৰা গৈছে যে কৰ্মচাৰী সকলৰ মানসিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সামগ্ৰিকভাৱে প্ৰতিবছৰে ১৪বিলিয়ন ডলাৰ লোকচানৰ সন্মূখীন হয় দেশখনৰ বিভিন্ন নিয়োগকৰ্তা প্ৰতিষ্ঠান ৷