বিশ্বৰ গাড়ী বজাৰত জাপানক পিছ পেলায় তৃতীয় স্থানলৈ উন্নীত হৈছে ভাৰত ৷ প্ৰথম স্থানত আছে চীন আৰু দ্বিতীয় স্থানত আছে আমেৰিকা।
‘ছ’চাইটি অৱ ইণ্ডিয়ান অটোম’বাইল মেনুফেকচাৰ্ছ’ৰ তথ্য অনুসৰি ২০২২ চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে ভাৰতত মুঠ নতুন গাড়ীৰ বিক্ৰী ৪ লাখ ২৫ হাজাৰলৈ বৃদ্ধি পাইছে। য’ত জাপানৰ পৰিসংখ্যা ৪ লাখ ২ হাজাৰ। ভাৰতৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাতা কোম্পানী ‘মাৰুতি চুজুকি’ তথ্য অনুসৰি এই সময়ছোৱাত ৪ লাখ ২৫ হাজাৰ গাড়ী বিক্ৰী কৰা হৈছিল।
‘নিকেই এছিয়া’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২০১৮ চনৰ পৰা ২০১৯ চনৰ ভিতৰত গাড়ীৰ বিক্ৰী প্ৰায় ৪ লাখলৈ হ্ৰাস পাইছে। কিন্তু বিগত দুবছৰৰ মহামাৰী পৰ্যায়ত বিশ্বৰ গাড়ীৰ বজাৰ যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল ৷ এবাৰতে গাড়ীৰ বিক্ৰী ৩ লাখলৈ হ্ৰাস পায়।
ভাৰতত বিক্ৰী হোৱা গাড়ীসমূহৰ ভিতৰত সর্বাধিক হৈছে মাৰুতি চুজুকি, টাটা মটৰ্ছৰ বাহন ৷ সংবাদ সংস্থাটোৰ মতে, চীনত ক’ভিডৰ আন এটা ভেৰিয়েণ্ট বিয়পি পৰাৰ বাবে সেই দেশৰ গাড়ী নিৰ্মাণ কোম্পানীসমূহেও লোকচানৰ সন্মুখীন হৈছে।