ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ টোল সংগ্ৰহৰ পৰিমাণ ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে অহা তিনিবছৰত ৰাষ্ট্ৰীয় ঘাইপথৰ টোল ৰাজহ বছৰি ১.৪০ লাখ কোটি টকালৈ বৃদ্ধি পাব ৷ সম্প্ৰতি ৪০.০০০কোটি টকাকৈ বাৰ্ষিক টোল ৰাজহ সংগ্ৰহ কৰি থকা হৈছে ৷ভাৰতত প্ৰতি বছৰে যান বাহনৰ চলাচল বৃদ্ধি পাবলৈ ধৰাত দেশৰ আন্তঃগাঠনি খণ্ডত বিনিয়োগকাৰীসকলৰ বাবে অধিক উপাৰ্জনৰ সোণালী সুযোগ মুকলি হ’ল বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় ৷