সমাজৰ বঞ্চিত শ্ৰেণীৰ যুৱচামৰ বাবে নিয়োগৰ সুযোগ মুকলিৰ লক্ষৰে দক্ষতা বিকাশৰ প্ৰতিশ্ৰুতিৰে ভাৰতৰ কেইখনমান ৰাজ্যত এক বিশেষ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অগ্ৰসৰ হৈছে ‘ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেড’ ৷ বিভিন্ন সহযোগীৰ সৈতে সহযোগিতা স্থাপন কৰি অসম,মধ্যপ্ৰদেশ আৰু ওড়িশাত ইতিমধ্যে দক্ষতা বিকাশৰ কাৰ্যসূচী আৰম্ভ কৰিছে ‘ইণ্ডিয়ান হোটেলছ কোম্পানীয়ে’ ৷
জানিব পৰা মতে প্ৰতিষ্ঠানটোৱে ইতিমধ্যে টাটা ষ্ট্ৰাইভৰ সহযোগত ভূৱনেশ্বৰ ,ওড়িশাত বহু তৰপীয়া দক্ষতা বিকাশ কেন্দ্ৰ মুকলি কৰিছে ৷ যাৰ যোগেদি শিক্ষাৰ্থী সকলে ভিভাণ্টা ভূৱনেশ্বৰত অন দ্য জব প্ৰশিক্ষণ লাভ কৰি খাদ্য আৰু পানীয় সেৱাত পাঠ্যক্ৰম গ্ৰহণ কৰিছে ৷
উল্লেখযোগ্য যে অসমৰ ৰঙাজানত অৱস্থিত ডনবস্ক’ টেক দক্ষতা বিকাশ কেন্দ্ৰত অসমৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ যুৱচামকো এই দক্ষতা বিকাশৰ পাঠ্যক্ৰম প্ৰদান কৰা হৈছে ৷ আনহাতে মধ্যপ্ৰদেশৰ সিন্দৱাড়াৰ আতিথ্যৰ দক্ষতা বিকাশ কেন্দ্ৰইও টাটা ষ্ট্ৰাইভ আৰু চি.আই.আই.ৰ সহযোগত কুকিং আৰু বেকিঙত বিস্তৃত ভাৱে উদ্যোগীকৰণৰ পাঠ্যক্ৰম আগবঢ়াবলৈ সক্ষম হৈছে ৷