বৰ্তমান সময়ছোৱাত নৱৰাত্ৰি উপলক্ষে ব্যস্ত হৈ পৰিছে ভাৰতৰ হিন্দুধৰ্মাৱলম্বী লোকসকল ৷ নৱৰাত্ৰি পূজনত বহুলোকে উপবাসো পালন কৰিছে আৰু সেয়েহে ভাৰতৰ হিন্দুধৰ্মাৱলম্বী লোক সকলৰ বিশেষকৈ দেৱী আৰাধনা কৰা ভক্ত সকলৰ কথা অনুধাৱন কৰিয়েই এক বিশেষ পদক্ষপ লৈছে আই আৰ চি টি চিয়ে ৷
ৰে’লযাত্ৰী সকলৰ বাবে ৰে’ল বিভাগে লৈ আহিছে এক সুখবৰ ৷ নৱৰাত্ৰি উপলক্ষে ভাৰতীয় ৰে’ল বিভাগে যাত্ৰী সকললৈ আগবঢ়াইছে এক বিশেষ থালি ৷ আই আৰ চি টি চিৰ সূত্ৰই জনোৱামতে এই সময়ছোৱাত ভাৰতৰ চাৰিশটা ষ্টেচনত এই ‘ব্ৰত থালি’ লাভ কৰিব পাৰিব গ্ৰহক সকলে ৷ নৱৰাত্ৰি উপলক্ষে গ্ৰাহক সকললৈ আগবঢ়োৱা হ’ব পিঁয়াজ-নহৰু নিদিয়াকৈ তৈয়াৰ কৰা বিশেষ খাদ্যসম্ভাৰেৰে এক বিশেষ থালি ৷ এই ‘ব্ৰত থালি’ত থাকিব চাগুদানা,খিচিৰি,কুট্টু কা আটাৰ দ্বাৰা তৈয়াৰ কৰা ৰুটী,সিজোৱা আলু আৰু চাগুৰ পকোৰা ৷আনহাতে ষ্টাৰটাৰত থাকিব আলু চপ আৰু চাগুদানা টিক্কি ৷ ‘ব্ৰত থালি’ৰ মেইন ক’ৰ্ছত থাকিব চাগুদানা খিচিৰি,পনীৰ মখমলী,পৰঠা ,ক’ফটাকাৰী ইত্যাদি ৷
উল্লেখযোগ্য যে ২৬ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰৰ ভিতৰত ভাৰতৰ ৰে’লযাত্ৰী সকলে লাভ কৰিব পাৰিব এই ‘ব্ৰত থালি’ ৷