দেশৰ ভিতৰতে সর্ববৃহৎ বিমানবন্দৰ নির্মাণ কৰিব টাটাই ৷ উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ জেৱাৰত নির্মাণ কৰিবগীয়া নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নিৰ্মাণৰ চুক্তি লাভ কৰিছে টাটা প্ৰজেক্টছে ৷ চুক্তিৰ অংশ হিচাপে টাটা প্ৰজেক্টছে বিমানবন্দৰটোত টাৰ্মিনেল, ৰাণৱে, এয়াৰছাইড আন্তঃগাঁথনি, পথ, ইউটিলিটি, লেণ্ডছাইড সুবিধা আৰু অন্যান্য আনসংগিক অট্টালিকা নিৰ্মাণ কৰিব ৷আজি যমুনা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ প্ৰাইভেট লিমিটেডে (ৱাইআইএপিএল) এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। তেওঁলোকে কয় -“ওৱাই আই পি এলে নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ অভিযান্ত্ৰিক, ক্ৰয়, আৰু নিৰ্মাণ (ইপিচি)ৰ কাম হাতত ল’বলৈ টাটা প্ৰজেক্টছ লিমিটেডক নিৰ্বাচন কৰিছে। কোম্পানীটোক বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ ডিজাইন, ক্ৰয়, আৰু নিৰ্মাণৰ প্ৰদৰ্শিত অভিজ্ঞতা থকা তিনিটা চৰ্টলিষ্ট কৰা দলৰ পৰা নিৰ্বাচিত কৰা হৈছে।”
উত্তৰ প্ৰদেশ চৰকাৰে নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নয়নৰ কাম আৰম্ভ কৰিবলৈ যোৱা ৭ অক্টোবৰত যমুনা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ প্ৰাইভেট লিমিটেডৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে। সম্পূৰ্ণৰূপে নিৰ্মাণ হ’লে নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হ’ব ভাৰতৰ সৰ্ববৃহৎ বিমানবন্দৰ। ১৩৩৪ হেক্টৰ ভূমিত এই গ্ৰীণফিল্ড বিমানবন্দৰটো নির্মাণ কৰা হ’ব ৷ ইয়াৰ বিনিয়োগ হ’ব ৫,৭০০ কোটি টকা। ২০২৪ চনৰ ভিতৰত নতুন বিমানবন্দৰটো কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে।