দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান ইণ্ডিগ’ৰ চি এছ আৰ গ্ৰুপ ইণ্ডিগ’ৰিচ্চে কেৱল ভাৰততে নহয় বৰঞ্চ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে ‘শ্ৰেষ্ঠ চি এছ আৰ বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসমৰ গুৱাহাটী মহানগৰীৰ ‘টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স’ৰ চৌহদত আয়োজন কৰা উত্তৰ-পূব চি এছ আৰ ফ’ৰাম ২০২২ত ইণ্ডিগ’ৰিচ্চলৈ এই সন্মান আগবঢ়োৱা হৈছে ৷ উল্লেখযোগ্য যে উক্ত প্ৰতিষ্ঠানটোৱে বিভিন্ন সময়ত শিশুৰ শিক্ষা আৰু মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন কাৰ্য্যসূচীৰ জৰিয়তে অঞ্চলটোত সংযোগ স্থাপন কৰি আৰ্থ সামাজিক দিশত কাম কৰি আহিছে ৷
ইণ্ডিগ’ৰিচে তামানা, গ্ৰো ট্ৰিজ, কেকে একাডেমী আৰু ৱৰ্ল্ড মনুমেণ্ট ফাণ্ডকে ধৰি বিভিন্ন সংগঠনৰ সৈতে অংশীদাৰীত্ব গ্ৰহণ কৰি সমাজৰ বাবে বহু কাম কৰি গৈ আছে। তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰ লক্ষ্য হৈছে শিশু শিক্ষা, মহিলা সৱলীকৰণ, পৰিৱেশ আৰু ঐতিহ্যৰ ওপৰত গুৰুত্ব দিয়া আদি । আজিলৈকে ৬৪,০০০ৰো অধিক মহিলাক স্বাৱলম্বী হোৱাৰ পথ দেখুওৱা প্ৰতিষ্ঠানটোৱে ৪৭,০০০ ৰো অধিক শিশুক শিক্ষিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ আনহাতে ৪০,০০০ ৰো অধিক গছ ৰোপণ কৰাত সহায় কৰিছে এই সামাজিক ভাৱে দায়বদ্ধ প্ৰতিষ্ঠানটোৱে ।
গুৰুত্বপূৰ্ণ যে প্ৰতিষ্ঠানটোৱে বিশেষকৈ ইয়াৰ চি এছ আৰ পদক্ষেপৰ অংশ হিচাপে উত্তৰ-পূবৰ অন্যতম ৰাজ্য মণিপুৰৰ টামেং লং আৰু নুনী জিলাৰ সমুদায়সমূহৰ বাবে জীৱিকাৰ বিকল্প সুযোগ প্ৰদান কৰাৰ লগতে হ্ৰাস পাব ধৰা বনাঞ্চলসমূহৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত বদ্ধপৰিকৰ হৈ মহান উদ্দেশ্যৰে অগ্ৰসৰ হৈছে ৷