শুকুৰবাৰে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে বিক্ৰীৰ বাবে মুকলি কৰা হৈছে আইফোন ১৪ প্লাছ ৷ প্ৰথমবাৰৰ বাবে এপলে বজাৰত মুকলি কৰি দিছে মিড ৰেঞ্জ ৬.৭ ইঞ্চিৰ আইফোন মডেল। পূর্বে ৬.৭ ইঞ্চিৰ স্ক্ৰীণৰ আকাৰ হাই-এণ্ড আইফোন প্ৰ’ মেক্সত সীমাবদ্ধ আছিল ৷ যাৰ ফলত ডাঙৰ স্ক্ৰীণৰ আইফোনৰ অভিজ্ঞতা প্ৰ’ ব্যৱহাৰকাৰীসকলৰ বাবে সীমিত হৈ পৰিছিল।
উল্লেখ্য যে এছিয়াত এপলৰ বাবে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বজাৰ হিচাপে পৰিগণিত হৈছে ভাৰত ৷ ভাৰতীয় বজাৰত আইফোন ১৪ প্লাছৰ মূল্য ৮৯,৯০০ টকাৰ পৰা আৰম্ভ হৈছে। ২৫৬জিবি আৰু ৫১২জিবি ষ্ট’ৰেজ কেপাচিটি বিচাৰে তেন্তে আপুনি ক্ৰমে ৯৯,৯০০ আৰু ১১৯,৯০০ টকা ব্যয় কৰিব লাগিব। আনহাতে, ষ্টেণ্ডাৰ্ড আইফোন ১৪ৰ মূল্য ৭৯,৯০০ টকাৰ পৰা আৰম্ভ হৈছে এতিয়ালৈকে মুকলি কৰা আটাইতকৈ কম খৰচী ৬.৭ ইঞ্চিৰ আইফোন হৈছে ষ্টেণ্ডাৰ্ড আইফোন ১৪ ৷
আইফোন ১৪ প্লাছ হৈছে নিয়মীয়া আইফোন ১৪ মডেলৰ বিগ স্ক্ৰীণ সংস্কৰণ। বহু ব্যৱহাৰকাৰীৰ বাবে আইফোন ১৪ প্লাছ হ’ব পাৰে তেওঁলোকৰ প্ৰথমটো অতিৰিক্ত বৃহৎ স্ক্ৰীণৰ এপল স্মাৰ্টফোন। ৬.৭ ইঞ্চিৰ আইফোন ১৪ৰ দৰেই ৬.৭ ইঞ্চিৰ আইফোনতো একেধৰণৰ বৈশিষ্ট্য আছে। গতিকে আইফোন ১৪ আৰু আইফোন ১৪ প্লাছৰ মাজত কোনোধৰণৰ কাৰিকৰী পাৰ্থক্য নাই।