ত্ৰিপুৰা ৰাজ্যখনক উত্তৰ-পূব ভাৰতৰ খিৰিকী বুলি কোৱা হয় কাৰণ ইয়াত উপস্থিত হৈ পৰ্য্যটনকাৰী সকলে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ সংস্কৃতি আৰু ইতিহাস জানিবলৈ, চাবলৈ আৰু বুজিবলৈ সুযোগ পাই বুলি কোৱা হয় ৷অৱশ্যে সাংস্কৃতিক আৰু ঐতিহাসিক সমল সমূহৰ বাবে ত্ৰিপুৰা কেৱল ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্ব বিখ্যাত। ই এখন সৰু ৰাজ্য হ’লেও ইয়াত চাবলগীয়া এনে বহু ঠাই আছে সেয়েহে ফেব্ৰুৱাৰী আৰম্ভ হোৱাৰ লগে লগে ত্ৰিপুৰালৈ হাজাৰ হাজাৰ পৰ্যটকৰ আগমন ঘটে আৰু ৰাজ্যখনত এই পৰ্য্যটকসকলৰ সমাগম প্ৰায় অক্টোবৰলৈকে পৰিলক্ষিত হয় । গতিকে এইবাৰ ভাৰতৰ অন্যান্য ঠাইৰ ত্ৰিপুৰা ভ্ৰমণ কৰিব বিচৰা লোকসকলৰ বাবে আই আৰ চি টি চিয়ে আগবঢ়াইছে এটা ডাঙৰ সুযোগ ।ত্ৰিপুৰা ভ্ৰমণৰ বাবে আই আৰ চি টি চিয়ে আগবঢ়াইছে এক ৬ দিনীয়া ভ্ৰমণ পেকেজ ।
এই ৬ দিনীয়া পেকেজত কি বিশেষ আছে জানো আহক –
এই পেকেজৰ নাম দিয়া হৈছে ত্ৰিপুৰাৰ বজ্ৰপাত (thunders of Tripura) আনহাতে এই পেকেজৰ সময়সীমা হ’ল ৫ ৰাতি আৰু ৬ দিন ৷ বিমান যোগেদি হায়দৰাবাদৰ পৰা গন্তব্যস্থান ত্ৰিপুৰা, উনাকোটিলৈকে যাব পাৰিব পৰ্য্যটকসকল ৷ ২০২৩ চনৰ ১৩ মাৰ্চ তাৰিখে এই পেকেজৰ সুবিধা গ্ৰহণ কৰি যাত্ৰা কৰিব পাৰিব ভ্ৰমণকাৰী সকলে ৷
এই পেকেজৰ দ্বাৰা অহা-যোৱাৰ বাবে বিমান টিকটৰ সুবিধা লাভ কৰাৰ লগতে থকাৰ বাবে হোটেলৰ সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে।লগতে দিয়া হৈছে ৫ টা পুৱাৰ আহাৰ আৰু ৪ টা নিশাৰ আহাৰৰ সুবিধা। দৰ্শনৰ বাবে এ চি বাছৰ সুবিধাৰ উপৰিও তেওঁলোকে জানিবলৈ দিয়া মতে এই পেকেজত ভ্ৰমণ বীমাৰ সুবিধাও পাব।
এই ভ্ৰমণত এজন অকলশৰীয়া যাত্ৰীয়ে ব্যয় কৰিব লাগিব মাত্ৰ ৫৫,৩৫০ টকা আৰু দুজন ব্যক্তিৰ বাবে প্ৰতিজন ব্যক্তিৰ পৰা ৪৪ হাজাৰ টকা লোৱা হ’ব। আনহাতে তিনিজন ব্যক্তি হ’লে প্ৰতিজন ব্যক্তিয়ে দিব লাগিব ৪১,৬৫০ টকাকৈ ।আনহাতে ল’ৰা-ছোৱালীৰ বাবে সুকীয়াকৈ মাচুল দিব লাগিব।ইফালে বিচনাসহ ৪১,৪০০ টকা আৰু বিচনা নোহোৱাকৈ ৪০,৬৫০ টকা দিব লাগিব ভ্ৰমণকাৰী সকলে ।
আই আৰ চি টি চিয়ে টুইট কৰা তথ্য অনুসৰি যদি ভাৰতৰ আন ঠাইৰ মানুহে ত্ৰিপুৰাৰ ধুনীয়া ঠাইবোৰ চাব বিচাৰে, তেন্তে তেওঁলোকে নিশ্চয় আই আৰ চি টি চিৰ এই আচৰিত ভ্ৰমণ পেকেজৰ সুবিধা ল’ব পাৰে।
এই ভ্ৰমণ পেকেজৰ বাবে তেওঁলোকে আই আৰ চি টি চিৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে বুকিং কৰিব পাৰে। ইয়াৰ উপৰিও আই আৰ চি টি চি পৰ্যটন সুবিধা কেন্দ্ৰ, খণ্ড কাৰ্যালয় আৰু আঞ্চলিক কাৰ্যালয়ৰ জৰিয়তেও বুকিং কৰিব পাৰিব তেওঁলোকে । আনহাতে পেকেজটোৰ সৈতে জড়িত অধিক তথ্যৰ বাবে চাব পাৰে আই আৰ চি টি চিৰ অফিচিয়েল ৱেবছাইট ।