আলিবাবা গ্ৰুপৰ প্ৰতিষ্ঠাপক ‘জেক মা’ক বিশ্বৰ ধনী ব্যক্তিসকলৰ ভিতৰত গণ্য কৰা হয় যদিও যোৱা ডেৰ বছৰ ধৰি জনসাধাৰণৰ চকুৰ পৰা যেন আঁতৰি আছিল তেওঁ ৷
স্থানীয় সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ পোষ্টৰ উদ্ধৃতিৰে ৰয়টাৰে জনাইছে যে এই সপ্তাহত বেংককত দেখা গৈছে জেক মাক। দৰাচলতে ২০২১ চনত চীনৰ নিয়ন্ত্ৰকসকলে তেওঁৰ ব্যৱসায়িক সাম্ৰাজ্যক বৃহৎ পৰিসৰত নিয়ন্ত্ৰণ কৰিছিল আৰু তেতিয়াৰ পৰাই জনসাধাৰণৰ চকুৰ পৰা আঁতৰি আছিল জেক মা।
জেক মা তেওঁৰ স্পষ্টবাদীতাৰ বাবেও পৰিচিত। উল্লেখযোগ্য যে ২০২০ চনত চাংহাইত দিয়া ভাষণৰ সময়ত চীনৰ বিত্তীয় নিয়ন্ত্ৰকক তিৰস্কাৰ কৰাৰ পিছত চীনৰ আগশাৰীৰ উদ্যোগপতি গৰাকীয়ে কোনো ৰাজহুৱা মন্তব্য প্ৰদান কৰা নাই। কিয়নো ইয়াৰ পিছতে চীনৰ চৰকাৰে তেওঁৰ এণ্ট গ্ৰুপৰ মেগা আই পি অ’ বন্ধ কৰি দিছিল।
জেক মাৰ সৈতে সামাজিক মাধ্যম ইনষ্টাগ্ৰামত এখন ফট’ পোষ্ট কৰিছে মিচেলিন তাৰকা চেফ সুপিনিয়া জয় ফাই জুনছুতাই । শুকুৰবাৰে এই একাউণ্টত পোষ্ট কৰা হৈছে জেক মাৰ এখন ছবি। তেওঁৰ সৈতে নিজৰ এখন ছবি শ্বেয়াৰ কৰি সুপিনিয়াই কেপচনত লিখিছে যে অবিশ্বাস্যভাৱে নম্ৰ এইগৰাকী ব্যক্তি ৷
বেংককৰ এক স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি থাইলেণ্ডৰ সৰ্ববৃহৎ কৃষি ব্যৱসায়িক প্ৰতিষ্ঠান চেৰন পকফাণ্ড গ্ৰুপ (চিপি গ্ৰুপ)ৰ ব’ৰ্ডৰ অধ্যক্ষ ছুপাকিট চেৰাভানণ্টৰ সৈতে জেক মাও ৰেষ্টুৰেণ্টখনত উপস্থিত আছিল।
সংবাদ মাধ্যমৰ বাতৰিত দাবী কৰা অনুসৰি জেক মাও বেংককৰ ৰাজাডামনাৰ্ণ ষ্টেডিয়ামত বক্সিং খেল চাবলৈ গৈছিল আৰু ইয়াত তেওঁ থাই বক্সিং চেম্পিয়ন ছমবাট “বুৱাকাউ” বুনচামেকৰ সৈতে ফটোৰ বাবে পোজ দিছিল।