আগশাৰীৰ গাড়ী নির্মাতা প্ৰতিষ্ঠান জীপ ইণ্ডিয়াই ভাৰতীয় বজাৰত মুকলি কৰিছে ইয়াৰ নতুন এছইউভি ৷ নতুন গ্ৰেণ্ড চেৰ’কি এছ ইউ ভিৰ এক্স শ্ব’ৰুম মূল্য ৭৭.৫০ লাখ টকা। নতুন জীপ গ্ৰেণ্ড চেৰ’কি হৈছে ইয়াৰ পঞ্চম সংস্কৰণ আৰু ২০২১ চনৰ ছেপ্টেম্বৰ মাহত বিশ্বজুৰি প্ৰদৰ্শিত কৰা হৈছিল ৷ এইবাৰ ভাৰতত স্থানীয়ভাৱে নির্মাণ কৰা হৈছে নতুন জীপ গ্ৰেণ্ড চেৰ’কি ৷
নতুন জীপ গ্ৰেণ্ড চেৰ’কি পূর্বৰ সংস্কৰণৰ দৰেই আকর্ষণীয় ডিজাইনত মুকলি কৰা হৈছে ৷ জীপ গ্ৰেণ্ড চেৰ’কিৰ কেবিনটো কেপ্ৰি চামৰাৰে নির্মাণ কৰা হ’ব ৷ ইয়াত শব্দ নিয়ন্ত্ৰণ ব্যৱস্থাৰ দৰে অত্যাধুনিক সা-সুবিধা থাকিব ৷
বৈশিষ্ট্যসমূহৰ ক্ষেত্ৰত নতুন জীপ গ্ৰেণ্ড চেৰ’কিত থাকিব ৰিম’টৰ সহায়ত একাধিক ব্যৱস্থা নিয়ন্ত্ৰণ কৰিব পৰা সুবিধা আছে ৷ ইয়াৰ উপৰিও ইয়াত পেনোৰামিক ছানৰুফ, ১০.১ ইঞ্চিৰ ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, ডেডিকেটেড ১০.২৫ ইঞ্চিৰ কো-ড্ৰাইভাৰ টাচস্ক্ৰীণ আৰু হেডছ-আপ ডিছপ্লে, পাৱাৰযুক্ত আসন, ভেণ্টিলেটেড আসন, চাৰিটা জ’ন ক্লাইমেট কণ্ট্ৰ’ল আৰু অটো ডিমিং মিৰ’ৰ আদি থাকিব। সকলো যাত্ৰীৰ বাবে থ্ৰী পইণ্ট ছিটবেল্ট থাকিব ৷
হুডৰ তলত নতুন জীপ গ্ৰেণ্ড চেৰ’কিয়ে আঠ স্পীড অটোমেটিক ট্ৰেন্সমিছনৰ লগতে ২.০ লিটাৰৰ টাৰ্বোচাৰ্জড, চাৰিটা চিলিণ্ডাৰ ইঞ্জিন সংযুক্ত কৰা হৈছে ৷ নতুন জীপ গ্ৰেণ্ড চেৰ’কীয়ে ভাৰতৰ অ’ডি কিউ৭, লেণ্ড ৰভাৰ ডিস্কভাৰী, বিএমডব্লিউ এক্স৫, মাৰ্চিডিজ বেঞ্জ জিএলই, আৰু ভলভো এক্সচি৯০ক বজাৰত প্ৰতিদ্বন্দ্বিতা কৰিব ৷