প্ৰতিভা কেতিয়াও লুকাই নাথাকে ৷ সূৰ্য্যৰ পোহৰক যেনেকৈ কেতিয়াও ঢাকি ৰাখিব নোৱাৰি তেনেকৈ ঢাকি ৰাখিব নোৱাৰি কোনো এজন ব্যক্তিৰ প্ৰতিভাকো ৷ তেনে এক অপ্ৰতিৰোধ্য প্ৰতিভাই জন্ম লাভ কৰিছিল মহাৰাষ্ট্ৰৰ আকোলা নামৰ এখন সৰু চহৰত ৷
বহু সংঘৰ্ষ আৰু কষ্টৰ বিনিময়ত মহাৰাষ্ট্ৰৰ সৰু চহৰখনত জন্ম গ্ৰহণ কৰা কাজল প্ৰকাশ ৰাজবৈধে ২০১৫চনত মাত্ৰ ২১ বছৰ বয়সতে ‘কাজল ইনোভেশন এছ টেকনিকেল ছলিউচন কোম্পানী’ স্থাপন কৰিবলৈ সক্ষম হয় ৷ ইনোভেশনৰ জৰিয়তে কাজলৰ কোম্পানীটোৱে বৰ্তমান দেশৰ বহু প্ৰসিদ্ধ বিদ্যালয়, মহাবিদ্যালয় আৰু প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলক ৰবটিক্স, ক্ৰীড়াত স্বয়ংক্ৰিয়কৰণৰ দৰে প্ৰযুক্তি শিকাই আছে।
এখন পাণৰ থেলা চলাই নিজৰ পৰিয়ালক পোহপাল দিয়া এজন দৰিদ্ৰ পিতৃয়ে নিজৰ সন্তানক পঢ়াব খুজিছিল যদিও তেওঁলোক সেইসময়ত যথেষ্ট অভাৱী আছিল ৷ অথচ পঢ়াৰ প্ৰতি সন্তানৰ আছিল অগাধ ধাউতি ৷ বিদ্যালয়লৈ প্ৰতিদিনে খোজ কাঢ়ি যাব লগীয়া হৈছিল কাজল ৷পৰৱৰ্তী সময়ৰ মেধাবী ছাত্ৰী কাজলে পলিটেকনিকত ইলেক্ট্ৰনিকছত নামভৰ্তি কৰিছিল আৰু তেওঁ ৰবট তৈয়াৰ কৰাৰ লক্ষ্য পূৰণ কৰিবলৈ আগ বাঢ়িছিল।কিন্তু সেই সময়তে দেউতাকে কৰ্মসংস্থাপন হেৰুৱাত কাজলৰ ফিজ দিবলৈকো ধনৰ অভাৱ ঘটে ৷ অৱশ্যে দেউতাকে ঋণ লৈ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰি দিছিল যদিও প্ৰথম অৱস্থাত কিছু বিফলতা আহিছিল যদিও তেওঁ চেষ্টা এৰি দিয়া নাছিল। কিছু দিনৰ পিছত সেয়ে তেওঁ প্ৰাথমিক বিদ্যালয়ৰ আৰু পঞ্চম শ্ৰেণীৰ শিশুসকলৰ বাবে ৰবটিক কৰ্মশালাৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছতেই কাজলে ক্ৰিটাছ কোম্পানী আৰম্ভ কৰে আৰু ব্যৱসায়ত হাত দিয়ে।
প্ৰথম অৱস্থাত কাজলৰ ব্যৱসায় সন্দৰ্ভত কোনো জ্ঞান নাছিল ৷ নাছিল কোনো ব্যৱসায়িক অভিজ্ঞতা ৷ কিন্তু দূৰদৰ্শনত ৰবটৰ সৈতে সম্পৰ্কিত এটা অনুষ্ঠান চোৱাৰ পিছতেই যেন কাজলৰ জীৱনৰ গতিপথ সলনি হৈ পৰিছিল। কাজলে ৰবট বনোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিয়েই অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল।
বৰ্তমান সময়ত কাজলৰ কোম্পানীৰ য়েমেন, ছিংগাপুৰ, আমেৰিকা আদি ঠাইৰ গ্ৰাহক আছে ৷ লগতে তেওঁৰ কোম্পানীৰ আছে ৰবটিক, অটোমেচন, ছফ্টৱেৰ নিয়ন্ত্ৰিত সেৱাৰ সৈতে জৈৱ চিকিৎসা সঁজুলিৰো বহু গ্ৰাহক ৷ লগতে এতিয়া ভাৰতৰ বহু ছোৱালীয়েও কাজলৰ সৈতে আমেৰিকাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰস্তুতি চলাই আছে।বৰ্তমান তেওঁৰ কোম্পানী মহাৰাষ্ট্ৰৰ এক অন্যতম বৃহৎ কাৰিকৰী পেছাদাৰী দক্ষতা বিকাশ কেন্দ্ৰ।
আনহাতে দেশৰ প্ৰতি ২০জনৰ ভিতৰত এজন টেকনো বাণিজ্যিক পেছাদাৰীক প্ৰশিক্ষণ দিছে তেওঁৰ কোম্পানীয়ে ।