‘কাঞ্চনজংঘা’ অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিলত অৱস্থিত এখন কাঠৰ নাঁৱৰ ওপৰত থকা এখন প্ৰখ্যাত ৰেষ্টুৰেণ্ট ৷ বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এই ৰেষ্টুৰেণ্টখন হ’ল কাঠৰ নাঁৱৰ ওপৰত থকা সৰ্ব বৃহৎ ৰেষ্টুৰেণ্ট৷ আনহাতে ভাৰতবৰ্ষৰ ভিতৰতে পৰিষ্কাৰ অঞ্চলৰূপে খ্যাত এই কাঞ্চনজংঘা পৰ্যটক সকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ৷ ডিব্ৰুগড়ৰ বুকুত প্ৰাণ পাই উঠা এই আকৰ্ষণীয় ৰেষ্টুৰেণ্টখনত সমাগম ঘটিছে বহু পৰ্যটকৰ ৷ কেৱল অসমৰেই নহয় বহিৰাজ্যৰ পৰা অহা লোক সকলেও অৱসৰৰ সময়বোৰ উপভোগ কৰিবলৈ ঢাপলি মেলিছে বগীবিলত থকা এই ৰেষ্টুৰেণ্টখনলৈ ৷
অসমৰ পৰ্যটন জগতখনত এক জাগৰণৰ সূচনা কৰিবলৈ সক্ষম হোৱা কাঞ্চনজংঘা বৰ্তমান সৰ্বভাৰতীয় ক্ষেত্ৰত এক উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ ৰূপে পৰিগণিত হৈছে ৷