কৰ’নাসৃষ্ট পৰিবেশত বিগত প্ৰায় ৬ টা মাহজুৰি বন্ধ হৈ আছিল কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যান।বৰ্তমান কৰ’নাৰ দ্বিতীয় লহৰ কিছু শাম কটাৰ লগে লগে পুনৰ ক’ভিডৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা পালন কৰি মুকলি কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছে উদ্যানখন।
দেশী-বিদেশী পৰ্যটকৰ কেন্দ্ৰস্থল এই উদ্যান খনত বিভিন্ন দেশী-বিদেশী প্ৰজাতিৰ অৰ্কিডেৰে ভৰপূৰ। বহু নিৱনুৱাৰ বাবে আৰ্থিক সকাহ দিয়া এই উদ্যান খনে ওচৰে-পাজৰে বসবাস কৰা লোকৰ বাবেও উপাৰ্জনৰ এক পথ মুকলি কৰিছিল।
বৰ্তমান পৰ্যটকৰ বাবে ন-ৰূপত সজাই তোলাত ব্যস্ত হৈ পৰিছে উদ্যানখনৰ কৰ্মচাৰীসকল।পূৰ্ণদ্যমে চলিছে সাংস্কৃতিক অনুষ্ঠানৰ অনুশীলন।
২০১৫ চনৰ পৰা আৰম্ভ হোৱা এই জাতীয় অৰ্কিড পাৰ্কখন এক নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশত অনন্য ৰূপত বিভিন্ন ৰং বিৰঙৰ ফুল, ভিন্ন প্ৰজাতিৰ অৰ্কিড,কেকটাছ, সংগ্ৰহালয়, বনৌষধিৰে ভৰপূৰ। য’ত জনগোষ্ঠীয় নৃত্য,থলুৱা আহাৰৰ সোৱাদ, নৌকা বিহাৰৰ আমেজকে ধৰি বিভিন্ন বিনোদনৰ সুবিধা উপলব্ধ আছে।
উল্লেখ যোগ্য যে এই উদ্যানখন সেই সময়ৰ কৃষক নেতা তথা বৰ্তমান শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত বহু কৃষক কৰ্মীৰ বছৰ জোৰা কষ্টৰ ফলত গঢ় লৈ উঠিছিল।