কৰ্মক্ষেত্ৰত কোনো এটা প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ কৰ্ম সম্পৰ্কীয় চাপৰ কথা চিন্তা কৰি ,তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে ‘ইণ্ডিয়া ইংক’নামৰ এটা প্ৰতিষ্ঠানে ৷ জানিবপৰা মতে শেহতীয়াকৈ ইণ্ডিয়া ইঙ্কে কৰ্মচাৰীৰ সুস্থতাৰ বাবে ইয়াৰ বাজেট বৃদ্ধি কৰিছে। কিয়নো মহামাৰী অহাৰ পিছৰে পৰা উদ্যোগটোৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে কৰ্মচাৰী সকলৰ মানসিক স্বাস্থ্য।
বৰ্তমান সময়ত যদিও ক’ভিডৰ ঘটনা হ্ৰাস পাইছে আৰু সেয়েহে মানুহে পুনৰ তেওঁলোকৰ কাৰ্যালয়সমূহত কাম কৰিবলৈ আৰম্ভ কৰিছে ৷মহামাৰীৰ ভয়াবহতা বৰ্তমান প্ৰায় নোহোৱা হৈছে যদিও কৰ্মক্ষেত্ৰত নতুন নতুন পদ্ধতি আৰু দীঘলীয়া সময়ৰ বাবে কৰ্মচাৰী সকল যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে ।
এইচ.আৰ.সমাধান কোম্পানী অ’নে ইকনমিক টাইমছৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি, ৭০% তকৈও অধিক কোম্পানীয়ে কৰ্মচাৰী সকলৰ মানসিক সুস্থতাৰ ওপৰিও বীমা পৰিশোধ কৰা সময়ৰ লগতে গৃহ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত কৰ্মচাৰী সকলক বিত্তীয় দিশত সহায় কৰিছে বা বৃদ্ধি কৰিছে। আনহাতে আৰপিজি গ্ৰুপ, আইবিএম ইণ্ডিয়া, আইচিআইচিআই লোম্বাৰ্ড, মাইক্ৰ’ছফ্ট, পিডব্লিউচি ইণ্ডিয়া, কলগেট-পামোলিভ (ইণ্ডিয়া), ল’ৰিয়েল ইণ্ডিয়া, পেইউ আৰু ফাই মানিকে ধৰি বহুকেইটা আগশাৰীৰ কোম্পানীয়ে কৰ্মচাৰীৰ সুস্থতাৰ ওপৰত তেওঁলোকৰ মনোযোগ বৃদ্ধি কৰিছে।
কৰ্মচাৰীসকলৰ সুস্থতাৰ দিশত ‘ইণ্ডিয়া ইঙ্কে’ লোৱা পদক্ষেপসমূহহ’ল এনেধৰণৰ –
- মানসিক পৰামৰ্শৰ বিনামূলীয়া প্ৰৱেশাধিকাৰ
- মানসিক স্বাস্থ্য সম্পৰ্কীয় ৱেবিনাৰ
- ধ্যান আৰু প্ৰাণায়াম সুবিধা
- নমনীয় ছুটি নীতি
- বীমা আৱৰণ সম্প্ৰসাৰিত কৰা
- গৃহ স্থানান্তৰৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা
- পৰিশোধ কৰা সময়
আনহাতে কোম্পানীসমূহে ক্ৰেছ আৰু ডে-কেয়াৰৰ সুবিধাৰ লগতে বহু আভ্যন্তৰীণ সুবিধা, বাহ্যিক চুক্তি বা পৰিশোধৰ জৰিয়তে যোগেদিও কৰ্মচাৰী সকলক সহায় প্ৰদান কৰি আছে। যিহেতু কৰ্মচাৰীসকল লাহে লাহে কাৰ্যালয়লৈ ঘূৰি আহিছে সেয়েহে কোম্পানীসমূহেও কৰ্মচাৰীসকলক স্থানান্তৰত সহায় আগবঢ়াই আছে। ইকনমিক টাইমছৰ দ্বাৰা প্ৰকাশ কৰা আন এক জৰীপত প্ৰায় ৪৬% কোম্পানীয়ে কৰ্মচাৰী আৰু নিৰ্ভৰশীল সকলৰ বাবে বীমা আৱৰণ বৃদ্ধি কৰিছে।