VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰশান্ত মহাসাগৰীয় উষ্ণ বায়ুৰ ফলত হ্ৰাস পাব বৰষুণ , চাউলৰ পৰা আলুলৈকে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা

voicedesk by voicedesk
June 19, 2023
in অৰ্থনীতি
প্ৰশান্ত মহাসাগৰীয় উষ্ণ বায়ুৰ ফলত হ্ৰাস পাব বৰষুণ , চাউলৰ পৰা আলুলৈকে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

 

চাউলৰ পৰা আলু, পিঁয়াজৰ পৰা বিলাহী, তৈলবীজৰ পৰা গোমধানলৈকে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰীৰ চলিত বর্ষত মূল্যবৃদ্ধি ঘটাৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷  এই বছৰ যদি বৰষুণ কম হয় তেন্তে এই খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পাব। মোদী চৰকাৰৰ ভিতৰত ইয়াক লৈ উদ্বেগ সৃষ্টি হৈছে। কাৰণ এই সকলোবোৰৰ উৎপাদন বাৰিষাৰ বতৰৰ ওপৰত নিৰ্ভৰশীল। উৎপাদন কম হ’লে বজাৰত দাম বাঢ়িব। আৰু তেনেকুৱা হ’লে বজাৰত সামগ্ৰিক মূল্যবৃদ্ধিও বৃদ্ধি পাব।

 

কেন্দ্রীয় চৰকাৰৰ এগৰাকী বিষয়াই কয়, “নিশ্চিত হোৱাৰ কোনো উপায় নাই৷ ইতিমধ্যে এইবাৰ দক্ষিণ-পশ্চিম বাৰিষাই অদ্ভুত আচৰণ কৰিছে। কেৰালাত বাৰিষা এসপ্তাহ পলমকৈ আৰম্ভ হৈছে । তাৰ পিছতো স্বাভাৱিকতকৈ বহু কম বৰষুণ হৈছে । তাৰ ওপৰত এল নিনোৱে আকৌ প্ৰভাৱ পেলাইছে ৷ যদি এল নিনোৰ ফলত বাৰিষা প্ৰভাৱন্বিত হয়, তেন্তে আমাৰ চিন্তাৰ কাৰণ আছে।”

 

জুন মাহলৈকে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত থাকিব পাৰে বুলি আশংকা কৰিছে মোদী চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিষয়াসকলে। কিন্তু হঠাৎ জুলাইৰ পৰা খুচুৰা বজাৰত আৰম্ভ হ’ব মূল্যবৃদ্ধি। ইয়াৰ কাৰণ হ’ব বৰষুণৰ অভাৱত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি। মোদী চৰকাৰ আৰু বিজেপিৰ বাবে এয়া  চিন্তাৰ কাৰণ । বছৰৰ শেষত ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, তেলেংগানাত নিৰ্বাচন অনুষ্ঠিত হ’ব । দৈনিক খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হ’লে বিৰোধীয়ে লক্ষ্য কৰি ল’ব মোদী চৰকাৰক।

 

শেহতীয়া মুদ্ৰাস্ফীতিৰ পৰিসংখ্যা অনুসৰি মে’ মাহত খুচুৰা মূল্যৰ মুদ্ৰাস্ফীতি সূচাংক ৪.২৫ শতাংশলৈ হ্ৰাস পাইছে। যিটো ২৫ মাহৰ ভিতৰত আটাইতকৈ কম। মে’ মাহত খাদ্যৰ মূল্য সূচাংক ২.৯১ শতাংশলৈ হ্ৰাস পাইছে। যিটো ১৮ মাহৰ ভিতৰত সৰ্বনিম্ন। কিন্তু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে বাৰিষাক লৈ এতিয়াও অনিশ্চয়তা অব্যাহত আছে। এল নিনো বা প্ৰশান্ত মহাসাগৰীয় উষ্ণ বায়ুৰ আগ্ৰাসনে ভাৰত মহাসাগৰত কিমান প্ৰভাৱ পেলাব তাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। অনাগত দিনত বজাৰত মূল্য বৃদ্ধিৰ হাৰ কেনেকুৱা হ’ব, সকলো নিৰ্ভৰ কৰে খাদ্য সামগ্ৰীৰ মূল্যৰ ওপৰত। ইতিমধ্যে মোদী চৰকাৰে ঘেঁহুৰ দাম নিয়ন্ত্ৰণত ৰাখিবলৈ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় খাদ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি চৰকাৰী গুদামৰ পৰা মুকলি বজাৰত ঘেঁহুৰ লগতে চাউল বিক্ৰী কৰা হ’ব। কিন্তু বিত্ত মন্ত্ৰালয়ে কয় যে অহা কেইমাহমানৰ ভিতৰত বাৰিষাৰ ফালৰ পৰা বিপদ অব্যাহত আছে।

 

প্ৰশান্ত মহাসাগৰীয় উষ্ণ বায়ু এল নিনো—স্পেনিছ ভাষাত “দুষ্ট ল’ৰা”—বহু দেশৰ বতৰত আঘাত হানে। ভাৰতত ই অনাবৃষ্টিৰ সৃষ্টি কৰে ৷ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ সাধাৰণতকৈ চাৰি শতাংশ কম বৰষুণ হ’ব। যোৱা ১৫টা এল নিনো বছৰৰ ভিতৰত ১০টা বছৰত বৰষুণৰ অভাৱ হৈছে। এইবাৰ আৰম্ভণিৰে পৰা বৰষুণ কম। জুন মাহত যদি সাধাৰণতকৈ এক চতুৰ্থাংশ কম বৰষুণ হয় তেন্তে গোটেই ঋতুটোৰ বাবে কম বৰষুণৰ আশংকা থাকে। ইয়াৰ ফলত চাউল, আলু, তৈলবীজ, পিঁয়াজ, বিলাহীৰ উৎপাদন হ্ৰাস পোৱাৰ আশংকা কৰিছে খাদ্য মন্ত্ৰালয়ে। দামও বৃদ্ধি পাব।

Previous Post

৮ কোটি টকা ডকাইতি কৰা ‘ডাকু হাছিনা’ ধৰা পৰিল ১০ টকা পানীয়ৰ বাবে , কি জাল পাতিছিল আৰক্ষীয়ে !!

Next Post

জালুগুটিত কৃষি বিভাগৰ “বৰোধান চপোৱা উৎসৱ” সম্পন্ন

Related Posts

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে  দিব নালাগে ঋণৰ অতিৰিক্ত সুত
অৰ্থনীতি

একেৰাহে সপ্তমবাৰৰ বাবে আৰ বি আইয়ে অপৰিৱর্তিত ৰাখিলে ৰেপ’ ৰেট,মধ্যবিত্ত শ্ৰেণীয়ে দিব নালাগে ঋণৰ অতিৰিক্ত সুত

April 5, 2024
চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা
অৰ্থনীতি

চলিত মাহৰ অন্তিম দেওবাৰে খোলা থাকিব বেংক! ২০১৯ চনৰ পিছত আৰ বি আইৰ বিশেষ অধিসূচনা

March 23, 2024
বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা  জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী
অৰ্থনীতি

বিশ্বকাপৰ পৰা ২৬ হাজাৰ কোটি টকা জমা হ’ব দেশৰ ৰাজকোষত, বাঢ়িব উৎসৱৰ বতৰত বিক্ৰী

October 6, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
Next Post
জালুগুটিত কৃষি বিভাগৰ “বৰোধান চপোৱা উৎসৱ” সম্পন্ন

জালুগুটিত কৃষি বিভাগৰ "বৰোধান চপোৱা উৎসৱ" সম্পন্ন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7