আপোনাৰ যদি এল আই চিত খোলা পলিচিটো কিবা কাৰণত বন্ধ হৈ আছিল বা আপুনি যদি পুনৰ এটা পলিচি খোলাৰ পৰিকল্পনা কৰিছে,তেন্তে আপুনি দেৰি নকৰিব। সোনকালেই ওচৰতে থকা অফিচত যোগাযোগ কৰক।যিহেতু এল আই চিয়ে আপোনালৈ আগবঢ়াইছে এক সুৱৰ্ণ সুযোগ।
এই সুযোগত আপুনি বন্ধ হৈ থকা পলিচি ৰেহাই লৈ পুনৰ নিয়মিত কৰিব পাৰিব। ২৩ আগষ্টৰ পৰা আৰম্ভ হোৱা এই সুযোগ ২২ অক্টোবৰৰ লৈকে থাকিব।এই সময় সীমাৰ ভিতৰত আপোনাৰ লেপছ হৈ থকা পলিচি পুনৰ আৰম্ভ কৰিব পাৰিব।ইয়াৰ বাবে এল আই চিয়ে গ্ৰাহকক ৰেহাই পৰ্যন্ত দিছে।
এল আই চিয়ে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে বিশেষভাৱে যোগ্য প্লেনৰ পলিচি সমূহ কিছু নিয়ম আৰু চৰ্তৰ সহায়ত পুনৰ আৰম্ভ কৰিব পাৰিব।অৰ্থাৎ অনাদায় হৈ থকা প্ৰথম প্ৰিমিয়ামৰ তাৰিখৰ পৰা আৰম্ভ কৰি ৫ বছৰৰ ভিতৰত এই পলিচি সমূহ ৰিভাইভ কৰিব পাৰিব।
আনহাতে যি সমূহ পলিচি প্ৰিমিয়াম পেয়িং টাৰ্মৰ সময়ত শেষ হৈছে আৰু পলিচিৰ সময় শেষ হোৱা নাই তেনে পলিচিসমূহো ৰিভাইভ কৰিব পাৰিব।অৱশ্যে টাৰ্ম ইঞ্চিওৰেন্স আৰু হাই পলিচিসমূহক এই সুযোগ প্ৰদান কৰা নাই।
ক’ভিড সৃষ্ট পৰিবেশত মানুহৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি টাৰ্ম ইঞ্চিওৰেন্স আৰু হাই পলিচি সমূহ বাদ দি অন্য প্লেনসমূহত লেট ফাইন ব্যৱস্থাৰে ৰেহাই দিয়া হৈছে।
এই সুযোগত এক লাখ টকালৈ প্ৰিমিয়াম বাকী থকা পলিচিক ২০% লেট ফাইন ৰেহাই দিয়া হ’ব। একেদৰে ১ লাখৰ পৰা ৩ লাখ প্ৰিমিয়াম বাকী থকা পলিচিক ২৫ % ৰেহাই দিয়া হ’ব।আকৌ ৩ লাখৰ অধিক থকা পলিচিক ৩০% ৰেহাই দিয়া হ’ব।