মাৰুতি চুজুকিৰ চাৰিচকীয়া বাহন মধ্যবিত্ত পৰিয়ালৰ মাজত জনপ্ৰিয় ৷ কিয়নো মাৰুতি চুজুকিৰ বাহন ব্যয়সাধ্য ৷ কিন্তু এতিয়াৰ পৰা মাৰুতি চুজুকিৰ গাড়ী ক্ৰয় কৰাৰ পূর্বে এবাৰ চিন্তা কৰি চাব লাগিব আপুনিও ৷ কিয়নো আজিৰ পৰা বৃদ্ধি পালে মাৰুতি চুজুকি ইণ্ডিয়াৰ বাহনৰ মূল্য ৷
মাৰুতি চুজুকি ইণ্ডিয়াই ঘোষণা কৰা অনুসৰি প্ৰতিষ্ঠানটোৰ গাড়ীসমূহৰ এক্স-শ্ব’ৰুমৰ গড় বৃদ্ধি হ’ব প্ৰায় ১.৩ শতাংশ ৷ এই সংশোধিত মূল্য আজিৰ পৰা কাৰ্যকৰী হ’ব। কোম্পানীটোৱে কয় যে বিভিন্ন ইনপুট ব্যয় বৃদ্ধি হোৱাৰ বাবে ই সকলো মডেলতে মূল্য বৃদ্ধি কৰিছে ৷ মাৰুতি চুজুকি ইণ্ডিয়াই এই মাহৰ আৰম্ভণিতে যোৱা ৬ এপ্ৰিলত বাহনৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল।
এক বিবৃতিত মাৰুতি চুজুকি ইণ্ডিয়াই কয় , “যোৱা বছৰটোত, বিভিন্ন ইনপুট ব্যয় বৃদ্ধিৰ বাবে কোম্পানীৰ বাহনৰ ব্যয়ৰ ওপৰত বিৰূপ প্ৰভাৱ অব্যাহত আছে। সেয়েহে, কোম্পানীটোৱে ওপৰোক্ত অতিৰিক্ত ব্যয়ৰ কিছু বোজা মূল্য বৃদ্ধিৰ জৰিয়তে গ্ৰাহকসকলক প্ৰদান কৰাটো অত্যাৱশ্যকীয় হৈ পৰিছে।”
২০২২ চনত কাৰ নিৰ্মাতা প্ৰতিষ্ঠানটোৱে ঘোষণা কৰা এয়া দ্বিতীয় মূল্য বৃদ্ধি। ইয়াৰ আগতে জানুৱাৰীত, মাৰুতি চুজুকীয়ে ইয়াৰ মডেল লাইন-আপত ভাৰতত গাড়ীৰ মূল্য ১.৭ শতাংশ বৃদ্ধি কৰিছিল। সেই সময়তো কোম্পানীটোৱে কেঁচা সামগ্ৰীৰ বৰ্ধিত ব্যয় মূল্য বৃদ্ধিৰ প্ৰাথমিক কাৰণ হিচাপে উল্লেখ কৰিছিল।মাৰুতি চুজুকি ইণ্ডিয়া এই বছৰ বাহনৰ মূল্য বৃদ্ধি কৰা দেশৰ একমাত্ৰ গাড়ী নিৰ্মাতা নহয়। অডি ইণ্ডিয়া, বিএমডব্লিউ টাটা মটৰ্চ আৰু টয়োটা ইণ্ডিয়াই ১ এপ্ৰিলৰ বাহনৰ মূল্য বৃদ্ধি কৰিছিল। একে সময়তে, হিৰো মোটোকৰ্প, আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই ক্ৰমান্বয়ে ৫ এপ্ৰিল আৰু ১৪ এপ্ৰিলত মূল্য বৃদ্ধি কৰে।