বৰ্তমান সময়ত বহু প্ৰতিষ্ঠানৰ এক ডাঙৰ সমস্যা হৈছে ‘মুনলাইটিং’ ৷ মুনলাইটিং মানে হৈছে এজন কৰ্মচাৰীয়ে একেটা সময়তে দুটা প্ৰতিষ্ঠানত কাম কৰা প্ৰক্ৰিয়া ৷ এই মুনলাইটিঙৰ ফলত সমস্যাত পৰিছে এতিয়া দেশৰ কেইবাটাও আগশাৰীৰ তথ্য-প্ৰযুক্তিৰ প্ৰতিষ্ঠান ৷
শেহতীয়াকৈ দেশৰ এক আগশাৰীৰ প্ৰতিষ্ঠান উইপ্ৰ’ য’ত মুনলাইটিং কৰি ধৰা পৰিছিল প্ৰতিষ্ঠানটোৰ বহু কৰ্মচাৰী ৷ এই ‘মুনলাইটিঙৰ বাবে প্ৰতিষ্ঠানটোৱে বৰ্খাস্ত কৰিছিল ইয়াৰ প্ৰায় তিনিশ কৰ্মচাৰীক ৷ উইপ্ৰ’ৰ পিছতে কৰ্মক্ষেত্ৰত মুনলাইটিং কৰি এইবাৰ ধৰা পৰিছে আন এক তথ্য-প্ৰযুক্তি খণ্ডৰ প্ৰতিষ্ঠান ‘হেপিয়েষ্ট মাইনছ টেকন’ল’জিষ্ট’ৰ কিছুসংখ্যক কৰ্মচাৰী ৷
বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে মুনলাইটিং কৰা কৰ্মচাৰীৰ সংখ্যা প্ৰকাশ কৰা নাই ৷ প্ৰতিষ্মানটোৱে বিগত ১২মাহ ধৰি কৰ্মাচাৰীসকলৰ ওপৰত চোকা নজৰ ৰাখিছিল আৰু মুনলাইটিঙৰ এই তথ্য ধৰা পেলাইছিল ৷ উল্লেখযোগ্য যে প্ৰতিষ্ঠানটোত বৰ্তমান মুঠ ৪,৫৮১গৰাকী কৰ্মচাৰী নিয়োজিত হৈ আছে ৷