ব্যয় সংকোচনৰ বাবে কর্মচাৰীক চাটাই অব্যাহত ৰাখিছে আগশাৰীৰ প্ৰতিষ্ঠানে ৷ আমাজনে আকৌ অব্যাহত দিব বৃহৎসংখ্যক কর্মচাৰী ৷ অনাগত সপ্তাহত আৰু ৯ হাজাৰৰো অধিক কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব। সোমবাৰে এই কথা ঘোষণা কৰে কোম্পানীটোৰ চিইঅ’ এণ্ডি জেছিয়ে।
এইবাৰ দ্বিতীয়বাৰৰ বাবে আমাজনে চাকৰিৰ পৰা কর্মচাৰীক বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে। যোৱা জানুৱাৰী মাহত কোম্পানীটোৱে ১৮ হাজাৰৰো অধিক কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ বাবেই আমাজনৰ বহু কর্মচাৰীয়ে চাকৰি হেৰুৱালে।
বিগত কেইমাহমানৰ ভিতৰত কেইবাটাও আই টি কোম্পানীয়ে কর্মচাৰী চাটাই কৰিছে । টেক্সাছৰ ডেল নামৰ বহুজাতিক কোম্পানীটোৱে বিশ্বজুৰি প্ৰায় ৬৬৫০ জন শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে। ডেলৰ দৰে আন আন আই টি কোম্পানীসমূহেও কর্মচাৰী চাটাইৰ পথত আগবাঢ়িছে। যোৱা নৱেম্বৰ মাহত এইচ পি ইনকৰ্পৰেশ্যনে ৬ হাজাৰ কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছিল। চিস্কো চিষ্টেমছ ইনকৰ্পৰেশ্যন আৰু ইণ্টাৰনেশ্যনেল বিজনেছ মেচিনছ কৰ্প’ৰেশ্যনেও প্ৰায় ৪ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে ৷গুগলৰ মূল কোম্পানীয়েও চাটাই কৰিছে কর্মচাৰী ৷ গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে একেলগে ১২ হাজাৰ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে। ফেচবুক, টুইটাৰেও পূর্বে একে পথেই অনুসৰণ কৰিছিল৷