মুকেশ আম্বানীৰ জীৱনশৈলী সাধাৰণ মানুহৰ বাবে কোনো আশ্চৰ্যতকৈ কম নহয়। দেশৰ আটাইতকৈ ধনী উদ্যোগপতি জনে কি খায়, কি পিন্ধে, কেনেকৈ সময় কটায় সেইবোৰ জানিবলৈ সদা উৎসুক হৈ ৰয় সাধাৰণ ৰাইজ।
সমীক্ষা অনুসৰি ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিজনে বিশ্বৰ ধনৱানসকলৰ তালিকাত ১১ নম্বৰ স্থান লাভ কৰিছে। আম্বানী পৰিয়ালৰ বাসগৃহৰ পৰা বাহনলৈকে সকলো কোনো ৰূপকথাতকৈ কম নহয়।
ধনী ব্যক্তিসকলে কোনো কামত বাহিৰলৈ ওলালে হাতত অজস্ৰ টকা-পইচা অথবা ডেবিট-ক্ৰেডিট কাৰ্ড লৈয়েই ওলাব বুলি সকলোৰে ধাৰণা। সকলোৱে ভাবে সাধাৰণ জনতাতকৈ হাজাৰ গুণ বিলাসী জীৱন কটোৱা ব্যক্তিজনে দৈনন্দিন জীৱনৰ ব্যয়ৰ বাবে অজস্ৰ টকা লৈয়েই বাহিৰলৈ ওলাব।
মুকেশ আম্বানীৰ পাৰ্ছত কিমান টকা থাকে সেই কথা জানিবলৈ আপোনাৰ মন নায়ায় নে? কোটিপতি আম্বানীয়ে কিমান টকা লৈ বাহিৰলৈ ওলায় সেই কথা জানিলে আপোনাৰ চকু কপালত উঠিব।
মুকেশ আম্বানি গ্ৰুপৰ মুঠ সম্পত্তিৰ অৰ্থমূল্য ৭৯.২ বিলিয়ন অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় ৫.৭৮ লাখ কোটি টকা। এনে এজন ধনৱান ব্যক্তিয়ে নিশ্চয়কৈ লাখ লাখ টকা লগত নিয়ে বুলিয়েই সকলোৰে ধাৰণা।
কিন্তু আপুনিও শুনিলে আচৰিত হ’ব হাতত এটকাও নোহোৱাকৈ আনকি কোনো ডেবিট-ক্ৰেডিট কাৰ্ড নোলোৱাকৈয়ে ঘৰৰ বাহিৰলৈ যায় ভাৰতৰ আটাইতকৈ ধনৱান ব্যক্তি মুকেশ আম্বানি!
তেখেতৰ ঘণিষ্ঠ মহলেও এই কথা ভালদৰে জানে। আনহাতে এবাৰ কোনো এক অনুষ্ঠানত বাহিৰলৈ গ’লে হাতত অৰ্থ সংক্ৰান্তীয় একো নিনিয়াৰ কথা উল্লেখ কৰি তেখেতে কৈছিল যে এই কথা খুব কম মানুহেহে জানে।
অৰ্থ সন্দৰ্ভত তেখেতে এক বিশেষ মূল্যবোধ অনুসৰণ কৰে। ৰিলায়েন্স গ্ৰুপৰ মুৰব্বী মুকেশ আম্বানীয়ে ভাবে যে ধন এক প্ৰকাৰৰ মূলধন যি তেওঁক আৰু কোম্পানীক বিপদৰ শংকাৰ পৰা সুৰক্ষিত কৰে।
মুকেশ আম্বানীয়ে উল্লেখ কৰিছিল যে তেওঁক আটাইতকৈ ধনী ব্যক্তিৰ দৃষ্টিৰে চোৱা কথাটোত তেওঁ একেবাৰে স্বাচ্ছন্দ্যবোধ নকৰে। ইয়াৰ পৰিৱৰ্তে তেওঁ মাটিৰ মানুহ হিচাপে থাকিবলৈ ভাল পায়।
সেয়েহে যদিও ভাৰতৰ ধনী ব্যক্তি মুকেশ আম্বানীৰ ওচৰত লক্ষ কোটি আছে, তেওঁৰ পকেটত ফুটা-কড়িও নাই। তেওঁৰ বাবে নগদ ধনৰ কোনো গুৰুত্ব নাই।
আম্বানীয়ে উল্লেখ কৰিছিল যে শৈশৱৰ পৰাই তেওঁ পকেটত অলপো পইচা নাৰাখে আৰু এই অভ্যাস এতিয়াও অব্যাহত আছে। অৱশ্যে লগতে তেওঁ এই কথা উল্লেখ কৰিবলৈ নাপাহৰে যে কোনো অৰ্থ বা কাৰ্ড নোহোৱাকৈ ভ্ৰমণ কৰিলেও সকলো সময়তে সংগী হৈ থকা সহযোগীসকলেই যিকোনো বিল বা অন্যান্য খৰচৰ বাবে ব্যয় কৰে।