বৰ্তমান সময়ত বিভিন্ন আঁচনিৰ যোগেদি ভাৰতৰ কোটি কোটি লোকক ভাৰত চৰকাৰৰ দ্বাৰা আৰ্থিক সাহাৰ্য্য আগবঢ়াই থকা হৈছে ৷বিভিন্ন ৰাজ্যৰ ৰাজ্য চৰকাৰ সমূহেও আঁচনি সমূহৰ যোগেদি ৰাজ্যবাসীক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি আহিছে ৷ শেহতীয়া ভাৱে এনে এক আঁচনিৰ যোগেদি ইতিমধ্যে উত্তৰ প্ৰদেশৰ জনগণ যথেষ্ট লাভান্বিত হৈছে য’ত ৩০,০০০টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলত জীৱন যাপন কৰা ভাৰতীয় নাগৰিক সকলক ৷এই আঁচনিক নামাকৰণ কৰা হৈছে ‘ৰাষ্ট্ৰীয় পাৰিবাৰিক লাভ আঁচনি’ নামেৰে ৷
এই আঁচনিৰ যোগেদি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক চৰকাৰৰ তৰফৰ পৰা ৩০,০০০টকাকৈ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হ’ব ৷ এই আঁচনিৰ সুবিধা লাভ কৰিবৰ বাবে সমাজ কল্যাণ বিভাগৰ এক বিশেষ ৱেবচাইটৰ যোগেদি আবেদন কৰিব লাগিব ৷ আনহাতে নিজৰ সম্পূৰ্ণ ঠিকনা আৰু সঠিক প-পত্ৰ জমা দিব লাগিব আবেদনকাৰী সকলে ৷ ইংৰাজীত এই আঁচনিৰ আবেদন পত্ৰ সঠিক ভাৱে পুৰণ কৰাৰ পিছত আবেদনকাৰী গৰাকীৰ নিজা বেংক একাউণ্টত ৪৫দিনৰ ভিতৰত উপলব্ধ হ’ব এই ‘ৰাষ্ট্ৰীয় পাৰিবাৰিক লাভ আঁচনি’ৰ ৩০,০০০টকা ৷