ৰাজ্যৰ বিদ্যুৎ গ্ৰাহক সকলৰ বাবে এক সুখবৰ ৷ অসমৰ বিদ্যুতৰ গ্ৰাহক সকললৈ ৰেহাই ঘোষণা কৰিছে চৰকাৰে৷ ৰাজ্যখনৰ বিদ্যুতৰ মাচুল পৰিশোধ নকৰা গ্ৰাহক সকললৈ ৰেহাই ঘোষণা কৰা হৈছে ৷ তিনিমাহে অধিক বিদ্যুৎমাচুল অনাদায় হৈ থকা বিদ্যুতৰ গ্ৰাহক সকলে লাভ কৰিব এই ৰেহাই ৷ অনাদায় মাচুলৰ ওপৰত চৰকাৰে ঘোষণা কৰিছে ‘অধিশুল্ক ৰেহাই আঁচনি’ ৷এই আঁচনিৰ জৰিয়তে ১০০% অধিশুল্ক ৰেহাই ঘোষণা কৰিছে অসম চৰকাৰে ৷ ৩০ এপ্ৰিললৈকে ৩মাহ বা ৩মাহৰ আধিক বকেয়া সঞ্চয় হৈ থকা গ্ৰাহকসকলে লাভ কৰিব এই ৰেহাই ৷
নিয়মীয়া ,টিডিচি আৰু পিডিচি এলটি ঘৰুৱা –এ গ্ৰাহকৰ বাবে এই ৰেহাই ঘোষণা ৷ ৩১মাৰ্চলৈ অন্যান্য টিডিচি গ্ৰাহকৰ বাবে দু্য়োটা এল টি আৰু এইচটি শ্ৰেণীৰ বাবে আগবঢ়োৱা হৈছে এই আঁচনি ৷১৫ জুনলৈকে অধিশুল্ক ৰেহাই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব বিদ্যুতৰ গ্ৰাহক সকলে ৷ অধিশুল্ক ৰেহাই আঁচনিৰ এককালীন নিষ্পত্তিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যখনৰ শাসনাধিস্থিত চৰকাৰে ৷