কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী দৰ্শনা জৰদোশে যোৱা ২৪ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী আৰু নিউ বঙাইগাঁৱৰ মাজত এক নতুন যাত্রীবাহী ৰে’লৰ শুভাৰম্ভ কৰে। প্ৰাপ্ত তথ্য অনুসৰি মালিগাঁৱত অৱস্থিত পূব ৰেল বিভাগৰ মূখ্য কাৰ্য্যালয়ত উপস্থিত হৈ ভিডিঅ’ কনফাৰেঞ্চৰ যোগেদি শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ যাত্রীবাহী ৰে’লখনৰ শুভাৰম্ভ কৰা হয় ৷ উক্ত ৰেলখন অসমৰ ৰেল মানচিত্ৰত এক নতুন ৰেলৰ সংযোজন আৰু এই সেৱাই সাধাৰণ জনগণৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ঠ সহায়ক হ’ব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে “০৫৮০৩” নিউ বঙাইগাঁও–গুৱাহাটী দৈনিক যাত্রীবাহী এই ৰে’লখনে বঙাইগাঁৱৰ পৰা পুৱা ৫.০৫ বজাত যাত্রা আৰম্ভ কৰি পুৱা ৯.৪০ বজাত গুৱাহাটীত উপস্থিত হ’ব ৷ আনহাতে সন্ধিয়া গুৱাহাটীৰ পৰা ৭.২০ বজাত যাত্রা আৰম্ভ কৰি নিশা ১২.১৫ বজাত নিউ বঙাইগাঁৱত উপস্থিত হ’ব ৷ উক্ত ৰে’লখনত থাকিব ৮টা সাধাৰণ শ্রেণীৰ দবা আৰু দুখন লাগেজ আৰু গার্ড ভেন। জানিবলৈ পোৱা মতে যাত্রাৰ সময়ত ১৭ টা ষ্টেচনত ৰ’ব এই ৰে’লখন ৷
ৰাজ্যিক ৰে’লমন্ত্রীগৰাকীয়ে ৰে’ল যোগাযোগ, ৰে’লৰ পৰিচালনা আৰু যাত্রীৰ স্বাচ্ছন্দ্য সম্পর্কে বিভিন্ন কাম–কাজৰ সমীক্ষাও কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি মালিগাঁওস্থিত ৰে’লৱেৰ মুখ্য কার্যালয়ত অনুষ্ঠিত ৰে’লৰ শুভাৰম্ভণি অনুষ্ঠানত সাংসদ কুইন ওজা, কৃপানাথ মাল্লা, প্রদান বৰুৱা, ভুৱনেশ্বৰ কলিতা, পল্লৱলোচন দাস, কামাখ্যাপ্রসাদ তাছা, তপন কুমাৰ গগৈ উপস্থিত থাকে ৷
উল্লেখ্য যে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে মালিগাঁওস্থিত কেন্দ্রীয় চিকিৎসালয়ত ৫০০ এলপিএম ক্ষমতাসম্পন্ন এক অক্সিজেন প্ৰকল্পৰো শুভাৰম্ভণি কৰে আৰু ৪০ খন বিচনাযুক্ত আইচ’লেশ্যন ৱাৰ্ডৰ আধাৰশিলা স্থাপন কৰে। দুদিনীয়া অসম ভ্ৰমণ কাৰ্য্যসূচীত মন্ত্রীগৰাকীয়ে ৰাজ্যপাল জগদীশ মুখীৰ সৈতেও এক আলোচনাত মিলিত হয় আৰু ৰাজ্যৰ আর্থিক বিকাশৰ বাবে ৰে’ল যোগাযোগৰ উন্নয়ণ সন্দর্ভত আলোচনা কৰে।