প্ৰায় ২৭ মাহৰ ব্যৱধানৰ অন্তত আজিৰ পৰা ভাৰতৰ ঘৰুৱা বিমানসমূহৰ ভাড়াৰ ক্ষেত্ৰত নিৰ্দিষ্ট সীমাবদ্ধতা আঁতৰ কৰিছে ভাৰত চৰকাৰে । জানিব পৰা মতে এতিয়া তেওঁলোকৰ ইচ্ছা অনুসৰি ভাড়া নিৰ্ধাৰণ কৰিব পাৰিব দেশৰ এয়াৰলাইনসমূহে ।
কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰালয়ে এই মাহৰ আৰম্ভণিতে এই ঘোষণা কৰাৰ পিছতেই বিমান মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এয়াৰ টাৰ্বাইন ইন্ধনৰ (এটিএফ) দৈনিক চাহিদা আৰু মূল্যৰ ক্ষেত্ৰত হোৱা এক বিশ্লেষণৰ পিছত দেশৰ বিমানসমূহৰ ভাড়াৰ ক্ষেত্ৰত সীমাবদ্ধতা আঁতৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰত এক টুইট কৰিছিল ।
ক’ভিড-১৯ মহামাৰীৰ বাবে দুমাহৰ বাবে হোৱা লকডাউনৰ পিছত যেতিয়া ২০২০চনৰ ২৫ মে’ তাৰিখে বিমান সেৱাসমূহ পুনৰ আৰম্ভ কৰা হৈছিল তেতিয়াই বিমানৰ ম্যাদৰ ওপৰত নিৰ্ভৰ কৰি মন্ত্ৰালয়ে ঘৰুৱা বিমানসমূহৰ ভাড়াৰ ক্ষেত্ৰত নিম্নতম আৰু উচ্চতম সীমা আৰোপ কৰিছিল ।
উল্লেখযোগ্য যে বিমান ভাড়াৰ ক্ষেত্ৰত বিমান মন্ত্ৰালয়ে নিম্নতম আৰু উচ্চতম সীমা আৰোপ কৰাৰ পিছত এয়াৰলাইনসমূহে ঘৰুৱা বিমানৰ বাবে এজন যাত্ৰীৰ পৰা নিম্নতম ২,৯০০ টকা (জিএছটি বাদ দি) ভাড়া আৰু উচ্চতম ৮,৮০০ টকা (জিএছটি বাদ দি)ভাড়াৰ সীমা অতিক্ৰম কৰিব পৰা নাছিল । সেয়েহে দেশৰ আৰ্থিকভাৱে দুৰ্বল বিমান সেৱাসমূহক সুৰক্ষিত কৰাৰ বাবে মন্ত্ৰালয়ে ভাড়াৰ নিম্নতম সীমাও নিৰ্ধাৰণ কৰিছিলল ৷ আনহাতে বিমান যাত্ৰীসকলক অধিক ভাড়াৰ পৰা সুৰক্ষিত কৰিবলৈ ভাড়াৰ উচ্চতম সীমা নিৰ্ধাৰণ কৰি যাত্ৰী সকলক সুৰক্ষিত কৰিছিল কেন্দ্ৰীয় বিমান মন্ত্ৰালয়ে ।