হোটেল-ৰেস্তোঁৰাৰ গ্ৰাহক সকলৰ বাবে এক সুখবৰ ৷ এতিয়াৰ পৰা খাদ্যৰ বিলৰ লগত হোটেল-ৰেস্তোঁৰাই গ্ৰাহকৰ পৰা ল’ব নোৱাৰিব সেৱা কৰ ৷কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ চমুকৈ চি চি পি এয়ে হোটেল সমূহলৈ জাৰি কৰিলে এই কঠোৰ নিৰ্দেশনা ৷ খাদ্যৰ বিলৰ লগত চাৰ্ভিছ চাৰ্জ দাবী কৰিলে জৰিমনাৰ সন্মূখীন হ’ব লাগিব হোটেল-ৰেস্তোঁৰা কৰ্তৃপক্ষ ৷ চাৰ্ভিছ চাৰ্জ লোৱাটো বাধ্যতামূলক নহয় বুলি স্পষ্ট কৰিলে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই ৷ কোনো হোটেল বা ৰেস্তোঁৰাই গ্ৰাহকৰ পৰা ল’ব নোৱাৰিব চাৰ্ভিছ কৰ বা সেৱা কৰ ৷ নিৰ্দেশনা অমান্য কৰিলেই শাস্তি ভূগিব লাগিব হোটেল বা ৰেস্তোঁৰা কৰ্তৃপক্ষই ৷
আনহাতে এই বিষয়ত কোনো অভিযোগ থাকিলে গ্ৰাহকে ১৯১৫ হেল্পলাইন নম্বৰত দিব পাৰিব অভিযোগ ৷ ‘টিপছ’ দিয়াটো গ্ৰাহকৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ শীল বুলি স্পষ্ট কৰিলে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই ৷