বিমানেৰে যাত্ৰা কৰি ভালপোৱা লোকসকললৈ এটা সু-খবৰ। টাটা গ্ৰুপৰ প্ৰিমিয়াম এয়াৰলাইন ভিষ্টাৰ বিমান সংস্থাটোৱে আহিছে মাত্ৰ ১,৮৯৯ টকাত বিমান উৰণৰ এক সুবৰ্ণ সুযোগ ।
গুড ৰিটাৰ্ণছ নামৰ এক সংবাদ মাধ্যমত প্ৰকাশিত ৰিতেশ পাটেলিয়াৰ এটি প্ৰতিবেদন অনুসৰি বিমান সংস্থাটোৱে অষ্টম বৰ্ষপূৰ্তি উপলক্ষে ইতিমধ্যে ৰেহাই মূল্যত বিমানৰ টিকেট বিক্ৰী আৰম্ভ কৰিছে। সেয়েহে যাত্ৰী সকলে ২০২৩ চনৰ ২৩ জানুৱাৰীৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে ৰেহাই মূল্যত বিমানৰ বাবে টিকট বুকিং কৰিব পাৰিব। প্ৰতিবেদন অনুসৰি ইয়াৰ ঘৰুৱা বিমান যাত্ৰাৰ একমুখী ভাড়া মাত্ৰ ১৮৯৯ টকাৰ পৰা আৰম্ভ হৈছে। আনহাতে আন্তঃৰাষ্ট্ৰীয় ৰিটাৰ্ণ টিকটৰ মূল্য ১৩,২৯৯ টকাৰ পৰা আৰম্ভ হোৱাৰ লগতে এডভান্স চিট বা এক্সেছ বেগেজ বাছি ল’লে ২৩ শতাংশ পৰ্যন্ত ৰেহাই দিয়া হ’ব বুলিও জনোৱা হৈছে। এই বিক্ৰীৰ সুবিধা ২০২৩ চনৰ ১২ জানুৱাৰীলৈ উপলব্ধ ৷ কিন্তু এই বিক্ৰীৰ সুবিধা ল’বলৈ গ্ৰাহকসকলৰ হাতত বাকী আছে মাত্ৰ চাৰিদিন।
বছৰৰ শেহতীয়া বিক্ৰী আৰম্ভ কৰিছে ভিষ্টাৰা এয়াৰলাইন্সে। শীতকালীন বিক্ৰী উপলক্ষে বিমান সংস্থাটোৱে আগবঢ়োৱা বছৰৰ এই শেষ বিক্ৰীত ২০২৩ চনৰ ১০ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ভ্ৰমণৰ বাবে টিকট ৰেহাই দিয়া হৈছে।
আনহাতে ভাৰতৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগোৱেও শেহতীয়াকৈ তিনিদিনীয়া শীতকালীন বিক্ৰী আৰম্ভ কৰিছিল। ইণ্ডিগো এয়াৰলাইনৰ বিক্ৰী ২০২২ চনৰ ২৩ ডিচেম্বৰ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছিল আৰু এই বিক্ৰী ২০২২ চনৰ ২৫ ডিচেম্বৰলৈকে চলিছিল। ইয়াত বিমান টিকেটৰ মূল্য আছিল মাত্ৰ ২০২৩ টকা।
ভিষ্টাৰ এয়াৰলাইনছ হৈছে টাটা আৰু ছিংগাপুৰ এয়াৰলাইন্সৰ যৌথ উদ্যোগত গঢ় লৈ উঠা এক প্ৰতিষ্ঠান। ভিষ্টাৰ এয়াৰলাইন্সত টাটা গ্ৰুপৰ ৫১ শতাংশ আৰু ছিংগাপুৰ এয়াৰলাইন্সৰ ৪৯ শতাংশ অংশীদাৰিত্ব আছে। ২০১৫ চনৰ ১ জানুৱাৰীত বিমান সংস্থাটোৱে প্ৰথম উৰণ আৰম্ভ কৰিছিল।