দেশৰ নিবনুৱা সকলৰ বাবে অইল ইণ্ডিয়া লিমিটেডে কঢ়িয়াই আনিছে এক আশাব্যঞ্জক খবৰ। অতি শীঘ্ৰেই অইলত আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া।তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ বাবে হ’ব এই নিযুক্তি।
ইতিমধ্যে এই নিয়াগৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।বিভিন্ন পদত ইলেক্ট্ৰিছিয়ান,ফিটাৰ ট্ৰেড,মেকানিক মটৰ ভেহিকুল ট্ৰেড,মেচিনিষ্ট ট্ৰেড,মেকানিক ডিজেল ট্ৰেড,ইলেক্ট্ৰনিকছ মেকানিকেল ট্ৰেডসহ অন্যান্য পদত হ’ব এই নিযুক্তি।
এই পদৰ বাবে যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীয়ে অইল ইণ্ডিয়াৰ অফিচিয়েল ৱেবচাইট oil-india.com ত গৈ আৱেদন কৰিব পাৰিব।ইচ্ছুক সকলে অইলে বান্ধি দিয়া সময় সীমাৰ ভিতৰত আৱেদন কৰিব পাৰিব।অন্যথা আৱেদন নাকচ কৰা হ’ব।
ইতিমধ্যে যোৱা ২৪ আগষ্টৰ পৰা আৱেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ২৩ ছেপ্টেম্বৰৰ লৈকে অন্তিম সীমা বান্ধি দিয়া হৈছে।খালী থকা পদ সমূহ হৈছে ইলেক্ট্ৰিচিয়ান ট্ৰেড ৩৮ টা,ফিটাৰ ট্ৰেড ১৪৪ টা, মেকানিক মটৰ ভেহিকুল ট্ৰেড ৪২ টা,মেচিনিষ্ট ডিজেল ট্ৰেড ৪০ টা,বয়লাৰ এটেন্টেণ্ড পদ ৮, টাৰ্নাৰ ট্ৰেড ৪ টা,ওৱেলডাৰ ট্ৰেড ৬ টা আৰু পদাৰ্থ বিজ্ঞান-ৰাসায়ন বিজ্ঞান আৰু গণিত বিভাগৰ ৪৪ টাকৈ পদ খালী আছে।
ইয়াৰোপৰি ইলেক্ট্ৰিছিয়ান পদৰ বাবে আৱেদন কৰিব বিচৰা প্ৰাৰ্থীজন যিকোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ইলেক্ট্ৰিছিয়ান ট্ৰেডৰ চাৰ্টিফিকেট থাকিব লাগিব।তাৰোপৰি আৱেদনকাৰীজন চৰকাৰী স্বীকৃতি প্ৰাপ্ত বৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হলেও হ’ব।লগতে চৰকাৰী বৈদ্যুতিক লাইচেন্সিং বৰ্ডে জাৰি কৰা বৈধ বৈদ্যুতিক পাৰমিট থাকিব লাগিব।
একেদৰে ফিটাৰ ট্ৰেড পদৰ বাবে আৱেদনকাৰী জন চৰকাৰী স্বীকৃতি ইনষ্টিটিউটৰ পৰা ফিটাৰ ট্ৰেডৰ চাৰ্টিফিকেট থাকিব লাগিব।তাৰোপৰি প্ৰাৰ্থীজন চৰকাৰী স্বীকৃতি প্ৰাপ্ত বৰ্ডৰ পৰা দশম শ্ৰেণীলৈকে পঢ়াৰ যোগ্যতা থাকিব লাগিব।
আকৌ মেচিনিষ্ট ট্ৰেড পদৰ বাবেও প্ৰাৰ্থীজন চৰকাৰী স্বীকৃতি প্ৰাপ্ত ইনষ্টিটিউটৰ পৰা মেচিনিষ্ট ট্ৰেডৰ চাৰ্টিফিকেট থাকিব লাগিব।তাৰোপৰি চৰকাৰী স্বীকৃতি প্ৰাপ্ত বৰ্ডৰ পৰা দশম শ্ৰেণীলৈকে উত্তীৰ্ণ হ’ব লাগিব।
আৱেদনকাৰীৰ বয়সৰ সীমা নুন্যতম ১৮ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব।এচচি আৰু এচটিৰ বাবে সৰ্বনিম্ন ১৮ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব।তাৰোপৰি অ’বিচি প্ৰাৰ্থীৰ বাবে সৰ্বনিম্ন বয়স ১৮ ৰ পৰা ৩৩ বছৰ হ’ব লাগিব।