ইউক্ৰেইনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনে বিশেষ সেনা অভিযান আৰম্ভ কৰাৰ পিছমূহুৰ্ততেই অকল্পনীয় ভাৱে বৃদ্ধি পালে তেলৰ দাম ৷ গ্ৰাহকৰ মূৰত মাধমাৰ শোধাই প্ৰতি বেৰেলত তেলৰ দাম হ’লগৈ ১০০ডলাৰ ৷ বিগত সাতটা বছৰত সৰ্বোচ্চ শিখৰ স্পৰ্শ কৰিলে তেলৰ মূল্যই ৷
এই সপ্তাহৰ আৰম্ভনিতে ৰাছিয়াত গেছ পাইপ লাইন বন্ধ কৰা আৰু আমেৰিকা,বৃটেইন আৰু কিছু সহযোগী দেশে ৰাছিয়াত কিছু ক্ষেত্ৰত প্ৰতিবন্ধকতা জাৰি কৰাৰ লগে লগেই তীব্ৰভাৱে বৃদ্ধি পাইছে তেলৰ দাম ৷ যিহেতু বিশ্বৰ ভিতৰতে তেল উৎপাদনত দ্বিতীয় স্থানত থকা ৰাছিয়াই পৃথিৱীৰ ভিতৰতে সকলোতকৈ বেছি প্ৰাকৃতিক গেছ নিৰ্মাণ কৰে ৷
আনহাতে তেল আৰু গেছৰ মূল্যবৃদ্ধিয়ে বিৰূপ প্ৰভাৱ পেলাব বৃটেইনৰ লগতে বিশ্বৰ প্ৰায় সকলো দেশতে ৷ বিশেষকৈ ভাৰতবৰ্ষতো ইয়াৰ যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণৰ ঘোষণা কৰাৰ লগে লগেই ভাৰতৰ শ্বেয়াৰ বজাৰতো ইয়াৰ ঋণাত্মক প্ৰভাৱ পৰিছে ৷ আনহাতে ই প্ৰভাৱিত কৰিছে দেশৰ বজাৰ ব্যৱস্থাকো ৷ বছৰটোৰ ভিতৰতে সৰ্বোচ্চ হ’ল সোণৰ দাম ৷ আনহাতে ইন্ধনৰ বৰ্ধিত মূল্যই ভাৰতীয় অৰ্থনীতিকো যথেষ্ট প্ৰভাৱান্বিত কৰিছে